66
মঙলদৈঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত যোৱা ২৮ জানুৱাৰীত সংঘটিত গঁড় হত্যাৰ লগত জড়িত ৩ দুধৰ্ষ চোৰাং চিকাৰী দৰং আৰক্ষীৰ জালত পৰিছে । দৰং জিলাৰ ভাৰপাপ্ত আৰক্ষী অধীক্ষক সুমন চক্ৰৱতীৰ নেতৃত্বত চলা এক অভিযানত যোৱা নিশা আটক হয় চোৰং চিকাৰী তিনিটা।
ধৃত চোৰাং চিকাৰী কেইটা ক্ৰমে ৰমজান আলি¸ জনিক আলি আৰু চোভান আলি । জানিব পৰা মতে আটকাধীন চোৰাং চিকাৰী কেইটাৰ ঘৰ দলগাঁও আৰু শ্যামপুৰ থানাৰ অন্তৰ্গত ২নং শ্যামপুৰ চাপৰিত।