কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং ৰুমাই গাভৰু গাঁৱত আজি পূৱতি নিশা অহা প্ৰচণ্ড ধুমুহা বৰষুণত ঘৰৰ ওপৰত গছ বাগৰি পৰাত একেটা পৰিয়ালৰ দুজনকৈ লোক নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ সম্প্ৰতি চিকিৎসাধীন হৈ আছে।
পৰিয়ালটোৰ ঘৰটোৰ কাষতে থকা এজোপা প্ৰকাণ্ড বৰপাত গছ ভাঙি পৰাৰ ফলতেই এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। নিহত লোকদুজন পৰিয়ালটোৰ মুৰব্বী সঞ্জীৱ ডেকা (হুনু ৪১) আৰু পুত্ৰ নৱম শ্ৰেণীৰ ছাত্ৰ নবীন ডেকা। নবীন ডেকা নামৰ ছাত্ৰজন পুৱা চিকিৎসাধীন অৱস্থাত ডুমডুমা এফ আৰ ইউত মৃত্যু হয়।