গোৰেশ্বৰঃ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ নাওকাটা অঞ্চলত আজি পুৱা অহা ধুমুহা-বৰষুণত কেবাখনো গাঁৱত বিস্তৰ ক্ষতি সাধন হয়। ৬.৪৫ বজাত অহা প্ৰচণ্ড ধুমুহা বৰষুণত ১ নং ২ নং জলঠেলপাৰ, শুৱাগপুৰ, ঔবাৰী, শুক্লাই, ডোঙাৰগাঁও আদি গাঁৱৰ বহু পৰিয়ালৰ ঘৰৰ টিনপাত উৰুৱাই নিয়ে।
মূল্যবান গছ-গছনিও উভালি পৰে ধুমুহাত। নাওকাটা-বাঙালীপাৰা গড়াপ্টানী পথত গছ বাগৰি পৰাৰ ফলত যাতায়ত ব্যাহত হৈ পৰে। উল্লেখ্য যে ধুমুহাৰ ফলত জিকা, লাও, ভেণ্ডী আদি খেতি ধুমুহাত বিধ্বস্ত হৈ পৰাত মুৰে-কপালে হাত দিছে খেতিয়কে।