65
ডিজিটেল ডেস্কঃ অসমীয়াৰ নতুন বছৰটোৰ প্ৰথম দিনাই দৰং, কামৰূপ, ওদালগুৰিকে ধৰি এক বিস্তৰ অঞ্চলত তাণ্ডব চলিল ধুমুহাৰ৷ অতৰ্কিতে পুৱাৰ ভাগতে অহা ধুমুহাজাকত দৰঙৰ বুঢ়ীনগৰ, লক্ষীমপুৰ, বালিপোতা দলংঘাটকে ধৰি কেইবা ঠাইতো বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ টিং উৰুৱাই লৈ যায় এই ধুমুহাজাকে।
বিশেষকৈ বুঢ়ীনগৰৰ সেনাপতি পাৰাৰ এটি অংগনবাদী কেন্দ্ৰত ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰা বুলি নিউজ নেক্সট ওৱানৰ স্থানীয় সংবাদদাতাই জনাইছে৷