নগাঁওঃ এতিয়া যেন সকলোৰে বাবে ৰং-ৰহইচৰ বতৰ৷ কিয়নো এতিয়া পূজাৰ বতৰ৷ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ আধ্যাত্মিক তথা পবিত্ৰতাৰে ভৰা বিভিন্ন প্ৰকাৰৰ পূজা-পাৰ্বনৰ বতৰ৷ পবিত্ৰ ভাদ মাহৰ সংক্ৰান্তি তিথিৰ দিনা সৰ্ব প্ৰান্ততে আড়ম্বৰপূৰ্ণভাৱে উদযাপিত হৈ যোৱা বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাৰ দ্বাৰাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ হয় পূজাৰ বতৰৰ৷
অসমীয়া বৰ্ষৰ গোটেই ভাদ মাহজুৰি চলা নাম-কীৰ্তনৰ অন্তত সংক্ৰান্তি তিথিত পালিত বিশ্বকৰ্মা পূজাৰ পৰাই সাধাৰণতে হিন্দু ধৰ্মীয় পূজাসমূহৰ আৰম্ভনি হয়৷ দূৰ্গা পূজা, লক্ষ্মী পূজা, কালী পূজা, কাৰ্তিক পূজা , মনসা পূজা, ছট পূজা , গোৱৰ্দ্ধন পূজা, জগদ্ধাত্ৰী পূজা, শিৱ পূজাকে প্ৰমুখ্য কৰি চ’ত মাহৰ গংগা পূজালৈকে এটাৰ পিছত এটাকৈ নিৰৱছিন্নকৈ দেৱ-দেৱীৰ পুজা-অৰ্চনা হয়৷ কাজেই হিন্দুসকলে পৰম ভক্তিৰে অনুষ্ঠিত কৰি অহা এই পূজা-পাৰ্বনত প্ৰয়োজন হয় আৰাধনাৰ নিমিত্তে দেৱ-দেৱীৰ মৃন্ময় মূৰ্তিৰ৷