61
খেৰণিঃ ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়ালৰ ওচৰত থিয় দিলে কাৰ্বি স্বায়ত্ত পৰিষদৰ হামৰেন সমষ্টিৰ সদস্য মংগলছিং তিমুঙে৷ পশ্চিম কাৰ্বি আংলঙৰ জিলাৰ ডংকামোকাম ৰাজহ চক্ৰৰ অন্তর্গত ডংকামোকাম অঞ্চলত সোমবাৰে নিশা ধুমুহা বৰষুণে বিস্তৰ ক্ষতিসাধন কৰিছিল৷
ধুমুহাত চিটুং-লাংছ আৰু লাং-চদ গাঁৱৰ ৬১টা পৰিয়ালৰ ঘৰ ভাঙি-টিনপাত উৰুৱাই নিয়াৰ লগতে গছ, বিদ্যুতৰ খুঁটা, খেতি আদি নষ্ট হয়। চকুৰ পলকতে সকলো তচনচ হোৱাত বহু পৰিয়াল গৃহহাৰা হয়৷