71
গুৱাহাটীঃ শোণিতপুৰ জিলাৰ পৰিবহন বিষয়া প্ৰসেনজিত ঘোষক মঙলবাৰে বিশেষ আদালতত হাজিৰ কৰোৱা হয়৷ সোমবাৰে শোণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰি অনা বহু বিতৰ্কিত বিষয়াগৰাকীক আদালতে ১৪ দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে৷
অসম লোকসেৱা আয়োগৰ চাকৰি কেলেংকাৰীৰ অন্যতম অভিযুক্ত প্ৰসেনজিত ঘোষক অসম আৰক্ষীৰ বিশেষ শাখা আৰু ডিব্ৰুগড় জিলা আৰক্ষীয়ে মঙলবাৰে বিশেষ আদালতত হাজিৰ কৰি তদন্তৰ খাতিৰত জিম্মাত বিচাৰিছিল৷