তিতাবৰত তীব্ৰ বেগী গাড়ীৰ খুন্দাত নিহত এগৰাকী মহিলা,ধোদৰআলি অৱৰোধ স্থানীয় ৰাইজৰ

তিতাবৰঃ তিতাবৰত শোকাবহ পথ দুৰ্ঘটনা। অচিনাক্ত তীব্ৰ বেগী বাহনৰ খুন্দাত থিতাতে নিহত ৰুণু ভৰালী নামৰ মহিলা গৰাকী । ঘটনাৰ পাছতে তিতাবৰ আমগুৰিখাতত নিহত ৰুণু ভৰালীৰ মৃতদেহ সন্মুখত লৈ ঐতিহাসিক ধোদৰ আলি অৱৰোধ কৰিলে স্থানীয় বাসিন্দাসকলে। দুৰ্ঘটনা সংঘতিত কৰা তীব্ৰ বেগী গাড়ীখনৰ সন্ধান এতিয়াও ওলোৱা নাই যদিও এখন বগা চাফাৰি গাড়ী বুলি সন্দেহ কৰিছে ৰাইজে। ৰাইজৰ দাবী অচিনাক্ত বাহত খন আৰক্ষীয়ে জব্দ নকৰালৈকে পথ মুকলি নকৰে ৰাইজে।

বৰ্তমানেও অঞ্চলজুৰি উত্তেজনাই বিৰাজ কৰি আছে। যদিও সম্পূৰ্ণ ২ ঘন্টাৰ পাছত ৰাইজে ৰাজপথত মুকলি কৰি দিয়ে৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়লে মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷

তিতাবৰৰ পৰা সপোন ৰহমান শইকীয়া