ডিজিটেল ডেস্কঃ যোৱা দেওবাৰে লজ্জানত হ’ল দেশ৷ আলহীক আব্দাৰ কৰাৰ বাবে বিশ্বত নাম থকা দেশ ভাৰতবৰ্ষৰ আগ্ৰাৰ ফটেহপুৰ চিক্ৰি ভ্ৰমন কৰিবলৈ অহা চুইজাৰলেণ্ডৰ এহাল দম্পত্তিক দুৰ্বৃত্তই লাঠী আৰু শিলেৰে আক্ৰমন কৰি গুৰতৰভাৱে আহত হ’ব লগা হয়।
তেজেৰে ৰাঙলী হৈ পথত বহু সময় পৰি থকাৰ পিছতো তেওঁলোকক কোনেও সহায় কৰা নাছিল। বৰঞ্চ বহুতো মানুহে তেওঁলোকৰ ফটো আৰু ভিডিঅ’ লোৱাত হে ব্যস্ত আছিল বিপদত পৰা বিদেশী দম্পত্তি হালৰ। এই বৰ্বৰ আক্ৰমনত জেৰেমি ক্লাৰ্ক নামৰ পুৰুষগৰাকীৰ মগজুত গুৰতৰ আঘাট পোৱাৰ লগতে কানৰ শ্ৰৱন শক্তি হ্ৰাস পাইছে। আনহাতে মেৰী ড্ৰক্স নামৰ বিদেশী মহিলা গৰাকীৰ হাত এখন ভাঙিছে।