গৌৰীসাগৰঃ দিখৌ, দৰিকা আৰু ব্রহ্মপুত্রৰ মহা মিলনৰ সংযোগ স্থলেই হৈছে ঐতিহাসিক দিখৌমুখৰ ত্রিবেণী সংগম। দেশী-বিদেশী পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্র ইয়াতেই অৱস্থিত সতী পাৰ্বতীৰ বুকুৰ অংশ নিহিত হৈ থকা বুলি প্ৰবাদ জড়িত ৰামখাপীঠ দেৱালয়।
আনফালে আকৌ আজান ফকীৰৰ আজানপীৰ, এফালে জিকিৰৰ সুমধুৰ ধ্বনিৰে নিঃসৰিত ত্রিবেণী সংগমৰ পাৰ, আনফালে দবা শংখ আৰতি উৰুলিৰ মংগল ধ্বনিৰে নিঃসৰিত তন্ত্রপীঠ ৰামখাপীঠ। ৰজা লক্ষ্মীসিংহই নিৰ্মাণ কৰিবলৈ লোৱা ৰূপহী নগৰো ইয়াৰ আশে-পাশেই আছিল।