গুৱাহাটীঃ আপোনালোকৰ বহুতৰে হয়তো দাৰ্জিলিঙৰ পুতলা ৰে’লগাড়ীত উঠাৰ অভিজ্ঞতা আছে৷ শতবৰ্ষ গৰকা এই অদ্বিতীয় সেৱাই দেশ-বিদেশৰ পৰ্যটকৰ মন আপ্লুত কৰি আহিছে৷ 

উত্তৰ-পূব সীমান্তৰ ৰে’লৱেই এই সেৱা দিনটোৰ বিয়লি বেলাত কৰিবলৈ শেহতীয়াকৈ সিদ্ধান্ত লৈছে৷ ইউনেস্ক’ৰদ্বাৰা বিশ্ব ঐতিহ্য হিচাপে ১৯৯৯ চনত স্বীকৃতি লাভ কৰা এই পুতলা ৰে’লৰ বিয়লিৰ সেৱাই অধিক পৰ্যটকত আৰ্কষণ কৰিব বুলি আশা কৰা হৈছে৷ 

এন এফ ৰে’লৱেৰ মুখপাত্ৰ প্ৰণৱজ্যোতি শৰ্মাই এন ডি টিভিক জনোৱা মতে এই ট্ৰেইনখনে তিনি বজাত ছিলিগুৰি ষ্টেচন এৰি ০৪.৪৫ মিনিটত ৰংতঙত উপস্থিত হ’বগৈ৷ আৰু ছুকনাত দহ মিনিটৰ বাবে ৰ’ব যাতে পৰ্যটকসকলে তাত থকা সংগ্ৰহালয় দৰ্শন কৰিব পাৰিব৷

ৰিফ্ৰেছমেন্ট আৰু ইঞ্জিনৰ ৰিভাৰ্ছেলৰ’ পাছত ট্ৰেইনখনে ৰংতঙৰপৰা ০৪.৪৫ মিনিটত উভতনি যাত্ৰা আৰম্ভ কৰিব৷ উল্লেখ্য যে, ৰে’লখনৰ ভিতৰতে প্ৰথম শ্ৰেণীৰ ১৭ জন যাত্ৰী বহিব পৰা দবাত ১২ খন আসনযুক্ত ডাইনিং টেবুলৰ ব্যৱস্থা আছে৷ প্ৰথম শ্ৰেণীৰ দবাত অহা-যোৱাৰ বাবে টিকটৰ মূল্য ১০০০ টকা আৰু খোৱাৰ বাবে অৰ্ডাৰ দিলে এই মূল্য হ’ব ১২০০ টকা।