বঢ়মপুৰঃ দিনক দিনে ৰাজ্যৰ ৰাজপথত বৃদ্ধি পাইছে ট্ৰাক চালকৰ সন্ত্ৰাস। এইবাৰ চামগুৰিৰ ৰাজপথত দ্ৰুতবেগী ট্ৰাকৰ সন্ত্ৰাস সৃষ্টি হোৱা দেখা গৈছে। বুধবাৰে এখন ট্ৰাকে জলাকলা খুৱায় নগাওঁ আৰক্ষীক।
নগাঁৱৰপৰা ৰহা হৈ আৰক্ষীয়ে খেদি আনি উদণ্ড চালকক কৰায়ত্ব কৰিবলৈ সক্ষম হয় চামগুৰিৰ পেনাইত। নগাওঁ ৰহাৰ সমীপত এক দূৰ্ঘটনা সংঘটিত কৰি তীব্ৰ বেগেৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰা ট্ৰাকখনে নগাঁৱৰ ৰহা, উৰিয়াগাওঁ, গোমোঠাগাঁও, পুৰণিগুদাম আদি পাৰ হৈ অহাৰ বাটত বিভিন্ন স্থানত মহতিয়াই আহে বহু কেইখন বাহন।