ডিজিটেল ডেস্কঃ আমেৰিকাৰ নাগৰিকৰ হিতৰ সৈতে কোনোধৰণৰ আপোচ নকৰাৰ বাবে ‘বাই আমেৰিকান, হায়াৰ আমেৰিকান’ শীৰ্ষক এক নতুন কাৰ্যবাহী নিৰ্দেশ জাৰি কৰিছে ট্ৰাম্প প্ৰশাসনে। এতিয়াৰপৰা কেৱল আমেৰিকাৰ নাগৰিকেহে অগ্ৰাধিকৰ পাব কামৰ ক্ষেত্ৰত।
আজি H-1B ভিছাৰ ক্ষেত্ৰত কঢ়া নিয়মৰ দলিলত স্বাক্ষৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কয় যে মাৰ্কিন প্ৰব্ৰজন নীতিৰ সুৰুঙাৰ বাবেই বিদেশী নাগৰিকে আহি যুক্তৰাষ্ট্ৰখনত মাৰ্কিন নাগৰিকৰ প্ৰাপ্য চাকৰি ভোগ কৰি আছে। কোম্পানীয়ে কম বেতনতে বিদেশী কৰ্মচাৰী ৰখাৰ ফলত মাৰ্কিন নাগৰিকে চাকৰি নোপোৱাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই প্ৰথা এতিয়া অন্ত পৰিব বুলি কয় ট্ৰাম্পে।