চেন্নাইঃ ভোটাৰেই গণতন্ত্ৰৰ ভেঁটি। কিন্তু সেই ভোটাৰকে ধনেৰে কিনাৰ ব্লুপ্ৰিন্ট ৰচনা কৰাৰ অভিযোগ উত্থাপিত হৈছে এজন মন্ত্ৰীৰ বিৰুদ্ধে। উপনিৰ্বাচনৰ পুৰ্বে ২ কোটি ৬ লাখ ভোটাৰক গাইপতি ৪ হাজাৰ টকাকৈ দি মন জয় কৰাৰ ব্লুপ্ৰিণ্ট উদ্ধাৰ হৈছে এজন মন্ত্ৰীৰ ঘৰত৷
চেন্নাইৰ আৰ কে নগৰ সমষ্টিত হ’বলগীয়া উপ নিৰ্বাচনত শুক্ৰবাৰে ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী চি বিজয়ভাস্কৰৰ ঘৰত আয়কৰ বিভাগৰ অভিযানত এই তথ্য পোহৰলৈ অহা বুলি জানিবপৰা গৈছে৷ আয়কৰ বিভাগে প্ৰকাশ কৰিছে যে উক্ত ব্লুপ্ৰিন্টত আৰ কে নগৰ সমষ্টিতোক মুঠ ২৫৬ টা ভাগত ভাগ কৰি ৮৯ কোটি টকা বিতৰণৰ পৰিকল্পনা কৰা হৈছিল৷