কাজিৰঙাঃ কাজিৰঙাৰ হাতীখুলীত যোৱা নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজনকৈ আৰক্ষী। শিৱসাগৰৰ পৰা গুৱাহাটী অভিমুখী ব্ৰহ্মপুত্ৰ নামৰ নৈশ বাছখনলৈ কোনো অচিনাক্ত দুৰ্বৃত্তই কমাৰগাঁৱত শিলাবৰ্ষণ কৰে।
বাছখনৰ সন্মুখভাগ সম্পূৰ্ণভাৱে চূৰ্ণ-বিচূৰ্ণ হোৱাৰ লগতে কেইবাজনো যাত্ৰী আহত হয়। এই ঘটনাৰ তদন্ত কৰি SDPO বিতুল চেতিয়া আৰু ASP ধ্রুৱজ্যোতি বৰাই ঘটনাটোৰ সন্দৰ্ভত আটক কৰা দুজন লোকক লগত লৈ চিনাক্তকৰণৰ বাবে উক্ত নৈশবাছখন কাজিৰঙাৰ হাতীখুলীত ধৰা পেলায়।