ওদালগুৰিঃ বান গৰাখহনীয়াত আক্ৰান্ত জনসাধাৰণক পৰ্যাপ্ত সাহাৰ্য তথা খাদ্য, চিকিৎসা সেৱা প্ৰদান আৰু পুনৰ সংস্থাপনৰ দাবীত আজি আছুৱে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। আছুৰ ওদালগুৰিস্থিত শ্বহীদ ভৱনৰ সন্মুখত সংগঠনটোৱে উক্ত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।
আছুৰ ৰাজ্যিক কাৰ্য নিৰ্বাহক বিতোপন দাস, জিলা ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক ক্ৰমে প্ৰাঞ্জল পাটোৱাৰী আৰু ছাইফুল হকৰ লগতে বিভিন্ন আঞ্চলিক সমিতিৰ নেতৃত্ব উপস্থিত থকা কাৰ্যসূচীটোত সংগঠনটোৱে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে বানপানীৰ ৰাষ্ট্ৰীয় সমস্যাৰূপে স্বীকৃতি দিয়াৰ দাবী উত্থাপন কৰে।