ওদালগুৰিঃ মংগলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভুবনেশ্বৰ কলিতা শনিবাৰে গধুলি ৬:০০ মান বজাত উপস্থিত হয় ওদালগুৰি জিলা কংগ্ৰেছৰ কাৰ্যলয়ত। দুপৰীয়া ১২ বজাত প্ৰাৰ্থী গৰাকী ওদালগুৰিত উপস্থিত হোৱাৰ কথা আছিল। সেইমতে ওদালগুৰি বিভিন্ন প্ৰান্তৰ দলীয় কৰ্মীসকল জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হয়। ইয়াৰ পাছত দলীয় সমৰ্থকে বিপুলভাৱে আদৰণি জনায় নেতাগৰাকীক।
দলীয় কৰ্মীসকলক উদ্দেশ্যে দিয়া ভাষণত এইবাৰ মংগলদৈ লোকসভা সমষ্টিটো কংগ্ৰেছে উদ্ধাৰ কৰাতো নিশ্চিত বুলি মন্তব্য কৰি দলীয় কৰ্মীসকলক নিৰ্বাচনী যুঁজৰ বাবে কঁকালত টঙালী বান্ধিবলৈ আহ্বান জনায়। কলিতাৰ লগত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ শান্তিয়াচ কুজুৰ, দুৰ্গাদাস বড়ো, ওদালগুৰিৰ প্ৰাক্তন বিধায়ক জমনসিং ব্ৰহ্ম আৰু ওদালগুৰি জিলা কংগ্ৰেছৰ সভাপতি বৃষ্টি কুমাৰ বসুমতাৰী তথা দলীয় নেতাসকল।