তেজপুৰঃ তেজপুৰ লোকসভা সমষ্টিৰপৰা প্ৰাৰ্থিত্ব লাভ কৰিয়েই শনিবাৰে তেজপুৰত উপস্থিত হয় মন্ত্ৰী পল্লৱলোচন দাস৷ প্ৰায় শতাধিক বিজেপি কৰ্মীয়ে ভোমোৰাগুৰি সেতুৰপৰা বিশাল সমদলেৰে তেজপুৰৰ বালিপৰাত বিজেপি কাৰ্যালয়লৈ আদৰি আনে মন্ত্ৰীগৰাকীক৷
তেজপুৰৰ নিজা সমষ্টি ৰঙাপৰাত বিজেপি কাৰ্যালয়ত উপস্থিত হৈয়ে তেজপুৰ সমষ্টিৰপৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেদাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে৷