58
ওদালগুৰিঃ সদৌ অসম ছাত্ৰ সন্থাৰ ওদালগুৰি মহকুমা সমিতি আৰু ওদালগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত অহা ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰীত সদৌ অসম ভিত্তিত দিবা-নৈশ পাতল টেনিচ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
তিনিদিনীয়া কাৰ্যসূচীৰে ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাৰ প্ৰখম পুৰস্কাৰ ৪০,০০০ টকা আৰু দ্বিতীয় পুৰস্কাৰ ২০,০০০ টকা সহ বঁটা প্ৰদান কৰা হ’ব বুলি সংগঠনটোৱে জানিবলৈ দিয়ে।