80
অঞ্জনজ্যোতি শৰ্মা, ওদালগুৰিঃ বিগত ৩ মে’ত ওৰিশাৰ বিভিন্ন প্ৰান্তত ফনি নামৰ ধুমুহাই চলোৱা তাণ্ডৱৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্ত ক্ষতিগ্ৰস্ত হৈছিল। লগতে ক্ষতিগ্ৰস্থ হৈছিল অসম চৰকাৰ, ওৰিশা চৰকাৰ আৰু স্থানীয় ৰাইজৰ সহযোগত নিৰ্মাণ হোৱা সাংস্কৃতিক সমাজ পুৰী প্ৰকল্প।
প্ৰকল্পটোৰ বিভিন্ন অংশ কাল ধুমুহাজাকে বিধ্বস্ত কৰিছিল। প্ৰকল্পটোৰ নামঘৰ, পুথিভঁৰাল, মঞ্চ আৰু অতিথিশালাৰ টিনপাত উৰুৱাই নিয়াৰ উপৰি অতিথিশালাৰ ওপৰভাগ বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিলে।