53
ওদালগুৰিঃ ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত অবাধ হাৰত চলিছে বনধ্বংস যজ্ঞ। জিলা উপায়ুক্ত কাৰ্যালয়ৰ গাতে লাগি থকা আৱৰ্ত ভৱনৰ চৌহদৰ কেইবাজোপা মূল্যৱান গছ কাটি তহিলং কৰা হৈছে।
এই ঘটনা আজি পোহৰলৈ অহাৰ পাছত সমগ্ৰ ঘটনাটোক গাপ দিয়াৰ চেষ্টা চলাই কৰ্মচাৰীয়ে। উল্লেখ্য যে জিলা উপায়ুক্ত সাধনা হোজাইৰ নেতৃত্বতে এনে ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে।