ওদালগুৰিঃ অসমখন হ’ল এখন বনজ সম্পদপ্ৰধান ৰাজ্য। ভাৰতবৰ্ষৰ লগতে অসমৰ বিভিন্ন স্থানত অৱস্থিত আছে বিশাল বিশাল প্ৰাকৃতিক অৰণ্য তথা অভয়াৰণ্য। কিন্তু মানৱসৃষ্ট অৰণ্যৰ সংখ্যা তেনেই নগন্য। পৰিৱেশ ভাৰসাম্য ৰক্ষাৰ বাবে বৃক্ষৰোপনৰ বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে যদিও এই আঁচনিসমূহ সম্পূৰ্ণৰূপে ফলপ্ৰসূভাৱে ৰূপায়িত হোৱাত ব্যৰ্থ হৈছে।
ইয়াৰ মাজতে এক আশাৰ বতৰা কঢ়িয়াই আনিছে ওদালগুৰি জিলা সদৰৰপৰা প্ৰায় ২০ কিল’মিটাৰ উত্তৰে অৱস্থিত ভৈৰৱকুণ্ডৰ সমীপৱৰ্তী মানৱসৃষ্ট অৰণ্যখনে। ২০০৩ চনত স্থানীয় সোনাইগাঁও, ভৈৰৱপুৰ, গৰৈমাৰী, চপনগাঁও, ১নম্বৰ মাজৰগাঁও, ২ নম্বৰ মাজৰগাঁও ইত্যাদি ছয়খনকৈ গাঁওৰ ৰাইজে লগ হৈ এখন সমিতি গঠন কৰি উক্ত স্থানতে এখন বহুমুখী পাম খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই সমিতিখনে উক্ত পামখনত গাহৰি, মাছ, গাইগৰু, হাঁহ ইত্যাদি ঘৰচীয়া জীৱজন্তু পুহিবলৈ আৰম্ভ কৰিছিল।