Newsnextone | তিনিচুকীয়াঃ নিৰাপত্তাহীনতাত ভূগিছে ৰাজ্যবাসী৷ মৃত্যু যেন এতিয়া তেনেই সহজ হৈ পৰিছে৷ মন গ’লেই কাৰোবাক হত্যা কৰিব পাৰি, মন গলেই পলাই যাব পাৰি৷ ৰাজ্যত সংঘটিত হোৱা হত্যাৰ ঘটনাসমূহে নিসন্দেহে আৰক্ষী-প্ৰশাসনৰ দুৰ্বলতাখিনি প্ৰকট কৰি তোলে৷ ৰাজ্যৰ পৰা দুস্কৃতি নাশ কৰাত ব্যৰ্থ হৈ পৰা প্ৰশাসনৰ দায়বদ্ধতাক লৈও সাধাৰণ মানুহৰ মনত প্ৰশ্নৰ উদয় হোৱা পৰিলক্ষিত হৈছে৷
শুকুৰবাৰৰ সন্ধিয়া প্ৰায় ৭.১৫ বজাত তিনিচুকীয়া জিলাৰ ডুমডুমা থানাৰ ৰূপাই চাইডিঙত অচিনাক্ত দুৰ্বৃত্তৰ গুলীত দুজনকৈ নিৰীহলোক ক্ৰমে জিৎ বাৰ্মা আৰু ৰমাকান্ত দেউৰী নামৰ প্ৰাণ হেৰুৱায়৷