ডিজিটেল ডেস্কঃ ৰিলায়েন্স জিঅ’ মুকলি কৰাৰ পিছ পাছত দেশত ৪ জি স্মাৰ্টফ’নৰ পয়োভৰ ঘটিল৷ এনে সময়তে এয়াৰটেলে এমেজনৰ সৈতে অংশীদাৰ হৈ ৪জি স্মাৰ্টফোনত বিশেষ অফাৰ ঘোষণা কৰিছে৷ এমেজন আৰু এয়াৰটেলে এই বিষয়ত এনে এটা সিদ্ধান্ত লোৱাৰ কথা চিন্তা কৰে৷
এমেজনৰ পৰা ৪ জি ফ’ন ক্ৰয় কৰিলে গ্ৰাহকে ২,৬০০ টকাৰ কেশ্ববেক পাব৷ এয়াৰটেলে পাৰ্টনাৰশ্বিপৰ সিদ্ধান্ত লোৱা ‘মেৰা পহলা স্মাৰ্টফ’ন’ৰ অভিযানৰ অন্তৰ্গত৷ এমেজনত বিক্ৰী কৰা শ্বাওমি, ছেমছাং, ৱানপ্লাচ, অ’নৰ, এলজি, লিনেভ’ আৰু মট’ৰলাৰ দৰে ৬৫ টা স্মাৰ্টফ’নৰ পৰা সুবিধা লাভ কৰিব গ্ৰাহকে৷