নাৰায়ণপুৰঃ বানে ধুই নিয়া লখিমপুৰত এতিয়া চৌদিশে মানুহৰ আৰ্তনাদ৷ কোনাবাই কোলাত কেচুৱা লৈ চকুলো টুকিছে কোনোবাই বানত উটি যোৱা সপোনৰ ঘৰখনৰ বাবে নীৰৱে চকুলো টুকিছে৷ নীপকোৰ কাণ্ডজ্ঞানহীন কাৰ্য্যৰ বাবে জিলাখনৰ হাজাৰ হাজাৰ লোকৰ সপোন চূৰমাৰ হৈ গৈছে৷ নীপকোৱে এৰি দিয়া পানীয়ে নিমিষতে হাজাৰ হাজাৰ লোকৰ ঘৰ-দুৱাৰ, পোহনীয়া জীৱ-জন্তুকে ধৰি সকলো উটুৱাই নিছিল ৷ এতিয়া মানুহে জুইশলা বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে৷
সন্তানৰ কাপোৰ, কিতাপ, বাচন-বৰ্তন, বিছনা, পৰিয়ালৰ সকলোৰে কাপোৰ কেনেকৈ যোগাৰ কৰিব তাৰ চিন্তাত মূৰে-কপালে হাত দিছে৷ এখন নতুন ঘৰ সজোৱাৰ চিন্তা এৰি এসাজ ভাতৰ চিন্তাত দিন পাৰ কৰিছে শ শ লোকে৷ কৃষি সামগ্ৰী বানে উটুৱাই নিলে৷ হালৰ বহু গৰুৰ মৃত্যু হোৱাৰ লগতে বহু গৰু উটুৱাই নিয়ে৷ খেতি নকৰিলে ভাত খাব নোপোৱা লখিমপুৰ জিলাখনৰ কৃষকৰ যন্ত্ৰণাৰ সমভাগী হ’বলৈ ওলাইছে প্ৰাক্তন আলফা ঐক্য মঞ্চ।