গুৱাহাটী ১৪ মেঃ সংযুক্ত মুক্তি বাহিনী,অসম(স্বাধীন)এ আজি সংবাদমাধ্যমৰ সম্পাদক সকললৈ সম্বোধন কৰি এখন ৰাজহুৱা জাননী প্ৰেৰণ কৰিছে ৷ সংগঠনটোৰ প্ৰাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে প্ৰচাৰ কৰা তথা লেফটেনেন্ট জেনেৰেল পৰেশ অসমে প্ৰদান কৰা উক্ত জাননী যোগে সংগঠনটোৱে তেল আৰু প্ৰাকৃতিক গেছ নিগম, ভাৰতীয় তৈল নিগম আৰু অইল ইণ্ডিয়া লিমিটেডক অসমৰ সম্পদ লুণ্ঠনকাৰী ভাৰতীয় ঔপনিৱেশিক ৰাষ্ট্ৰৰ তথাকথিত ৰাজহুৱা খণ্ডৰ উদ্যোগ বুলি সম্বোধন কৰি কিছুমান সকিয়নি দিয়া দেখা গৈছে৷
জাননীখনত সংগঠনটোৱে তেল আৰু প্ৰাকৃতিক গেছ নিগম, ভাৰতীয় তৈল নিগম আৰু অইল ইণ্ডিয়া লিমিটেডক তলত উল্লেখ কৰা কৰা বিষয় সাতটা মানি চলিবলৈ ৰাজহুৱা জাননী প্ৰেৰন কৰা বুলি উল্লেখ কৰিছে৷