• সংবাদ মাধ্যমৰ জৰিয়তে আলফাৰ এই ৰাজহুৱা জাননী প্ৰেৰণ

গুৱাহাটী ১৪ মেঃ সংযুক্ত মুক্তি বাহিনী,অসম(স্বাধীন)এ আজি সংবাদমাধ্যমৰ সম্পাদক সকললৈ সম্বোধন কৰি এখন ৰাজহুৱা জাননী প্ৰেৰণ কৰিছে ৷ সংগঠনটোৰ প্ৰাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে প্ৰচাৰ কৰা তথা লেফটেনেন্ট জেনেৰেল পৰেশ অসমে প্ৰদান কৰা উক্ত জাননী যোগে সংগঠনটোৱে তেল আৰু প্ৰাকৃতিক গেছ নিগম, ভাৰতীয় তৈল নিগম আৰু অইল ইণ্ডিয়া লিমিটেডক অসমৰ সম্পদ লুণ্ঠনকাৰী ভাৰতীয় ঔপনিৱেশিক ৰাষ্ট্ৰৰ তথাকথিত ৰাজহুৱা খণ্ডৰ উদ্যোগ বুলি সম্বোধন কৰি কিছুমান সকিয়নি দিয়া দেখা গৈছে৷

জাননীখনত সংগঠনটোৱে তেল আৰু প্ৰাকৃতিক গেছ নিগম, ভাৰতীয় তৈল নিগম আৰু অইল ইণ্ডিয়া লিমিটেডক তলত উল্লেখ কৰা কৰা বিষয় সাতটা মানি চলিবলৈ ৰাজহুৱা জাননী প্ৰেৰন কৰা বুলি উল্লেখ কৰিছে৷

১) জন্মলগ্নৰে পৰা এই প্ৰতিস্থানকেইটাই অসমৰ সম্পদ কিমান নিলে আৰু লাভৰ কিমান শতাংশ অসমে পালে তাৰ শুদ্ধ তথ্য মুকলিকৈ প্ৰকাশ কৰক৷

২) এই প্ৰতিস্থানকেইটাৰ পৰিচালন সঞ্চালকৰ পদ যোগ্য থলগিৰি ব্যক্তিৰ বাবে সংৰক্ষণ কৰক৷

৩) এই প্ৰতিস্থান কেইটাৰ চাকৰি মকৰলৰ বাবে সকলো ধৰণৰ যোগ্যতা নিৰ্ণয়কাৰী পৰীক্ষা অসমতে অনুস্থিত কৰক৷ চাকৰিৰ ৯৫% কেৱল থলগিৰিৰ    মানুহৰ বাবেই সংৰক্ষিত        থাকিব লাগিব৷

৪) উপৰোক্ত প্ৰতিস্থানকেইটাত চাকৰি নিয়োগৰ ক্ষেত্ৰত এক অসাধু গোষ্ঠী(ইয়াত থলগিৰি মানুহো জড়িত আছে)য়ে কলাবজাৰ চলাই আছে৷ য’ত একো একোটা চতুৰ্থ বৰ্গৰ         চাকৰিৰ বাবে ২৫ ৰ পৰা ৩০ লাখ টকা উৎকোচ লোৱা হয়৷ ৮০% তকৈ ওপৰত চাকৰি নিয়োগ অনৈতিক প্ৰথাৰে চলি আছে৷ গতিকে এই অসাধু গোষ্ঠী উৎখাত কৰি চাকৰি           নিয়োগৰ ক্ষেত্ৰত স্বচ্ছতা অৱলম্বন কৰক৷

৫)ঠিকাভিত্তিক নিয়োগ বন্ধ কৰি চাকৰি নিয়মীয়া কৰক৷

৬)অসমৰ গাওঁসমূহলৈ পাইপযোগে ঘৰে ঘৰে ৰন্ধন গেছ যোগানৰ ব্যৱস্থা কৰক৷ অসমৰ প্ৰাকৃতিক সম্পদৰ লাভ অসমে ভোগ কৰাটো সুনিশ্চিত কৰক৷

৭)উল্লেখিত প্ৰতিস্থান কেইটাই অসমৰ বিভিন্ন দল সংগঠনৰ উৎসৱ পাৰ্বন আয়োজন কৰিবলৈ দান বৰঙনি আগবঢ়োৱাৰ বিপৰীতে অসমৰ সামগ্ৰিক বিকাশৰ লগত                    বানপিড়িত  তথা প্ৰাকৃতিক দূৰ্যোগত পতিত আৰ্তজনৰ সহায়ৰ বাবে প্ৰতিটো প্ৰতিস্থানে প্ৰত্যক্ষভাৱে বছৰি ৫কোটি টকাকৈ আগবঢ়াব লাগিব৷ তেল আৰু প্ৰাকৃতিক গেছ              আয়োগ, ভাৰতীয় তৈল নিগম আৰু অইল ইণ্ডিয়া লিমিটেডে অনাগত দিনত উপৰোক্ত নিয়মকেইটা মানি চলিম বুলি ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰক৷ আমাৰ উপৰোক্ত              চৰ্তসমূহ উল্লেখিত প্ৰতিস্থানকেইটাই মানি চলিলে প্ৰতিস্থানকেইটাৰ বিৰুদ্ধে আমি অনাগত দিনত অনিৰ্দিষ্ট কাললৈ সামৰিক অভিযানৰ পৰা বিৰত থাকিম৷ অন্যথা থলগিৰিৰ    সহযোগত সশস্ত্ৰ প্ৰতিবাদৰ বিকল্প নাথাকিব৷

লেঃজেঃ পৰেশ অসমে স্বাক্ষৰ কৰা এই জাননীখনে অপহৃত বিষয়া ৰিতুল গগৈ সম্পৰ্কত কোনো তথ্য সদৰি কৰা নাই যদিও আলফা আৰু তৈলপ্ৰতিস্থান কেইটাৰ মাজত চলি থকা সংঘাতে এক নতুন মাত্ৰা প্ৰদান কৰিলে৷ এই জাননীৰ পিছত তৈল প্ৰতিস্থান কেইটাৰ লগতে চৰকাৰে কি ব্যৱস্থা লয় লক্ষণীয় হব৷ এই ক্ষেত্ৰত তৈল প্ৰতিস্থান কেইটাৰ কৰ্মচাৰী সকলৰ জীৱনৰ নিৰাপত্তাৰ দিশটোৱে এই সময়ত সৰ্বাধিক গুৰুত্বপুৰ্ণ বিষয় বুলি বিৱেচিত হোৱাতো বাঞ্ছনীয়৷