44
বিশ্বনাথঃ আলফাৰ তেজৰঙী দেৱাল লিখনে চিন্তাত পেলাইছে বিশ্বনাথবাসীক। বিশ্বনাথৰ ভীৰগাওঁত নিশা লক্ষীধৰ শৰ্মা মধ্য ইংৰাজী বিদ্যালয়, ৰূপালী যুৱক সংঘৰ কাৰ্যালয়, বিদ্যুতৰ খুঁটা আদিত আলফাৰ নামত দেৱালত ৰঙা ৰঙেৰে লিখা কাৰ্যই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
আলফা (স্বাধীন)ৰ সমৰ্থনত ঠায়ে ঠায়ে ulfa (s) আদি লিখি কোনোবাই আলফাৰ প্ৰতি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে নে কিবা অশুভ ঘটনাৰ ইংগিত দিছে। এই কথাক চৰ্চাৰ বিষয় হৈ পৰিছে বিশ্বনাথত।