81
মুছলপুৰঃ কোনোকালে নেদেখা প্ৰাণী এটাক দেখি মুছলপুৰৰ অহোপা গাঁওবাসীৰ মনত আজি কৌতুহলে দেখা দিয়ে। অহোপা গাঁৱৰ আশ্ৰব আলি নামৰ লোকজনৰ ঘৰৰ কাষৰে গাত এটাত উদ্ধাৰ হোৱা প্ৰাণীটো দৰাচলতে এটা বনৰৌ।
আলিয়ে বনৰৌটো তুলি আনি কিছু শুশ্ৰূষা কৰি সুস্থ কৰি তোলে।এই খবৰ বিয়পি পৰাৰ লগে লগে কোনোকালে নেদেখা অদ্ভূত আকৃতিৰ প্ৰাণীটো চাবলৈ বহুলোকে ভিৰ কৰে আলিৰ ঘৰত।