নতুন দিল্লীঃ দেশত কৰ’নাৰ সংক্ৰমণক বাধা দিবলৈ একাধিক উপায়েৰে নিজাববীয়াকৈ অথবা সামূহিক স্তৰত প্ৰচেষ্টা অব্যাহত আছে। ইয়াৰ মাজতে উত্তৰ প্ৰদেশৰ বৰেলি জিলা প্ৰশাসনে কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ যি পন্থা গ্ৰহণ কৰিছে সেয়া দেখিলে সকলোৰে চকু কপালত উঠাতো নিশ্চিত।
এটা ভিডিঅ’ত স্পষ্টকৈ দেখা গৈছে যে কেমিকেল ব্যৱহাৰ কৰি যিদৰে বাছ, ট্ৰাক আদি বাহন তথা দেৱাল ছেনিটাইজ কৰা হয় ঠিক তেনেকৈ বৰেলি জিলা প্ৰশাসনে বাহিৰৰ পৰা অহা লোকসকলকো পাইপেৰে পানী ছটিয়াই ছেনিটাইজ কৰিছে। প্ৰকাশিত বাতৰি অনুযায়ী দেওবাৰে জিলাখনৰ ছেটেলাই বাছ আস্থানত নগৰ নিগম আৰু ফায়াৰ ব্ৰিগেডৰ কৰ্মচাৰীসকলে আন ঠাইৰ পৰা অহা পুৰুষ-মহিলা আনকি শিশুসকলকো একেলগে বহুৱাই লৈ ফায়াৰ ব্ৰিগেডৰ পাইপেৰে ছেনিটাইজৰ চেষ্টা চলাইছে।