52
নগৰবেৰাঃ কামৰূপ জিলাৰ অন্তৰ্গত ৪৮ নম্বৰ বকো সমষ্টিৰ অন্তৰ্গত অধিকাংশ বিদ্যালয়ত সম্প্ৰতি চৰকাৰী ছিটাৰ আতংক। এই আতংকই খেদিছে ছাত্ৰ-ছাত্ৰীক। বেজি দিব বুলি বিদ্যালয়ৰে খিৰিকীৰে জঁপিয়াই পলায়ন কৰিছে ছাত্ৰ-ছাত্ৰী।
প্ৰকৃততে উৰা বাতৰিয়ে ছানিছে কামৰূপ জিলা। জাপানীজ এনছেফেলাইটিছৰ বেজী দিলে নোহোৱা হয় প্ৰজনন ক্ষমতা। বহুজনৰ মতে এইটো বেজী ল’লে মানুহৰ মৃত্যু হয়।