newsnextone । নামতিঃ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী মৃত্যুৰ খবৰে সমগ্ৰ দেশবাসীৰ লগতে শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি অঞ্চলটো গভীৰ শোকৰ ছাঁ পেলাইছে ।

 প্ৰাক্তন প্ৰধানমন্ত্ৰী জনৰ মৃত্যুত আটাছু বৰুৱা পুখুৰী আঞ্চলিক সমিতিৰ সভাপতি বিশ্বজিৎ আৰন্ধৰাই আজি এক প্রেছ বাৰ্তাত উল্লেখ কৰি কয়, ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ বলিষ্ঠ নেতাজন সকলোৰে আদৰ্শস্বৰুপ । তেওঁৰ অৱদান প্ৰতিজন ভাৰতীয়ৰ বুকুত অমৰ হৈ ৰ'ব ।

 নামতি প্ৰেছ গীল্ডৰ সম্পাদক ৰাতুল শর্মাই ব্যক্তিগতভাৱে মৰ্মাহত হোৱাৰ কথা উল্লেখ কৰি প্ৰাক্তন প্ৰধানমন্ত্রী জনৰ আত্মাই স্বৰ্গত স্থান লাভ কৰাৰ কামনা কৰে ।

ইয়াৰোপৰি নামতি প্ৰেছ গীল্ড, নামতি আঞ্চলিক ছাত্ৰ সন্থা, খৰাগঁড় কলা কৃষ্টি কেন্দ্ৰ, খেজুৰিতল জ্ঞানজ্যোতি বিদ্যাপীঠ,খেজুৰিতল সন্মিলিত যুৱ সমাজ, খৰাগঁড় যুৱ চ'ৰা, নামতি চাৰি আলি সন্মিলিত মুছলিম যুৱ সমাজ, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, বৰুৱা পুখুৰী আঞ্চলিক অগপ সংখ্যালঘু কোষৰ লগতে বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান-প্রতিষ্ঠানে তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছে ।