ডিজিটেল ডেস্ক, ২ চেপ্টেম্বৰঃ কৰোণাৰ নতুন প্ৰকৰণ আৰু তৃতীয় ঢৌক লৈ সমগ্ৰ দেশেই শংকাত থকাৰ মাজতেই আহি আছে কৰোণাক লৈ নতুন বাতৰি৷ দক্ষিণ আফ্ৰিকা আৰু আন বহুতো দেশত ক’ৰনা ভাইৰাছৰ এটা নতুন ৰূপৰ সন্ধান পাইছে। ক’ৰনা ভাইৰাছৰ এই প্ৰকৰণবোৰৰ ভিতৰত কিছু প্ৰকৰণ অধিক সংক্ৰামক হ’ব পাৰে আৰু ক’ৰনা ভেকছিনৰ প্ৰভাৱ হ্ৰাস হৈ পৰিব পাৰে বুলিও শংকিত হৈছে বিশেষজ্ঞ সকল। দক্ষিণ আফ্ৰিকাত থকা ৰাষ্ট্ৰীয় সংক্ৰামক ৰোগ প্ৰতিষ্ঠান আৰু কোৱাজুলু নাটাল গৱেষণা উদ্ভাৱন আৰু অনুক্ৰম মঞ্চৰ অভিজ্ঞ বিজ্ঞানীসকলে জানিবলৈ দিয়া অনুসৰি “ক’ৰনা ভাইৰাছৰ নতুন প্ৰকৰণ চি.১.২ চলিত বৰ্ষৰ মে মাহত প্ৰথমবাৰৰ বাবে চিনাক্ত কৰা হৈছিল দক্ষিণ আফ্ৰিকাত। বিজ্ঞানীসকলে লগতে কয় যে, “মে মাহৰ পৰা ১৩ আগষ্টলৈকে চীন, কঙ্গো, মৰিচাছ, ইংলেণ্ড, নিউজিলেণ্ড, পৰ্তুগাল আৰু চুইজাৰলেণ্ডত এই প্ৰকৰণটো ধৰা পৰিছে।”
আনহাতে দক্ষিণ আফ্ৰিকাত ক’ভিড-১৯ ৰ প্ৰথম ঢৌৰ সময়ত দেখা দিয়া ভাইৰাছৰ এটা উপপ্ৰকৰণ চি.১-তকৈ চি.১.২ৰ অধিক সংক্ৰমণ দেখা হোৱা নাছিল।যিটো আগ্ৰহৰ বিষয় হিচাপে বৈজ্ঞানিকমহলে বিবেচনা কৰা হৈছিল। বিজ্ঞানীসকলে লগতে কৈছিল যে চি.১.২ অধিক সংক্ৰামক হ’ব পাৰে আৰু ই ক’ৰনা ভেকছিনৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰে। এই বিষয়ৰ এটি অধ্যয়নত দেখা গৈছে যে দক্ষিণ আফ্ৰিকাত চি ১.২ৰ জিণ প্ৰতি মাহে বাঢ়ি গৈ আছে। ই মে’ মাহত ০.২ শতাংশৰ পৰা জুনত ১.৬ শতাংশলৈ বৃদ্ধি পাইছিল আৰু জুলাইত ই ২ শতাংশলৈ বৃদ্ধি পাইছিল।