ডিজিটেল ডেস্কঃ 'বাওনা হৈ চন্দ্ৰলৈ হাত মেলা' আপ্ত বাক্যশাৰীৰ অৰ্থক সম্পূৰ্ণ নস্যাৎ কৰি অনবদ্য অভিনয়েৰে সমগ্ৰ বিশ্বৰে হৃদয় জিনা হলিউডৰ খ্যাতনামা অভিনেতা ভাৰ্ণ ট্ৰয়াৰ আৰু নাই।

মাত্ৰ ৮১ চেণ্টিমিটাৰৰো কম উচ্চতাৰ ভাৰ্ণে সততে ট্ৰল, ঠাট্টা-মস্কৰাৰে ভৰা এই জগতখনলৈ ভ্ৰুক্ষেপ নকৰি অভিনয়ৰ জৰিয়তে সম্গৰ বিশ্বতে উজলি উঠিঠিল। হেৰী পটাৰৰ বোলছবিত অভিনয় কৰি জীৱনটোক এক অনন্য মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছিল। 

ভাৰ্ণৰ অভিনীত চিনেমাৰ আপুনি নাম নুশুনিব, তেনে হ’ব নোৱাৰে। মনত আছে হেৰী পটাৰ চিৰিজৰ অবিচ্ছেদ্য চৰিত্ৰ গ্ৰিফুক? সেইজনেই এই ভাৰ্ণ। বেবিজ ডে আউটৰ পৰা আৰম্ভ কৰি মেন ইন ব্লেকলৈকে বিভিন্ন ছবিত অভিনয়ৰে জনপ্ৰিয়তা বুটলিবলৈ সক্ষম হোৱা অভিনেতাজনে ৪৯ বছৰ বসয়ত ২১ এপ্ৰিলত আমেৰিকাৰ এখন হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে৷ 

যদিও কাৰো আগত কম উচ্চতাৰ বাবে সমুখীন হোৱা অভিজ্ঞতাৰ কথা প্ৰকাশ্যে কোৱা নাছিল, তথাপি ভাৰ্ণে ভিতৰি ভিতৰি মানুহৰ ঋণাত্মক চিন্তাধাৰৰ দ্বাৰা প্ৰভাৱিত হৈছিল বুলি জানিব পৰা গৈছে৷ অধিক সুৰাপান কৰাৰ বাবে তেওঁৰ শৰীৰ অসুস্থ হৈ পৰিছিল৷ তাৰ ফলতেই এনেদৰে অকাল মৃত্যুক সাৱটি লয় ভাৰ্ণে। অভ্যাসত পৰিণত হোৱা সুৰা লক্ষণীয় মাত্ৰাত তেওঁৰ শৰীৰত পোৱা গৈছে বুলি চিকিৎসকে কয়৷ নিচামুক্ত কৰিবলৈ চিকিৎসাও প্ৰদান কৰা হৈছিল ভাৰ্ণক। 

১৯৬৯ চনৰ ১ জানুৱাৰীৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্টাৰগিছৰ মিচিগানত জন্ম লাভ কৰে ভাৰ্ণে৷ জন্মতে কাৰ্টিলেজ-হেয়াৰ হাইপ’প্লেছিয়া নামৰ এক ৰোগত আক্ৰান্ত হয় ভাৰ্ণ৷ ভাৰ্ণে অভিনেতা, কৌতুক অভিনেতা হিচাপে খ্যাত। 

এটা উদ্যোগত মেৰামতি কৰ্মচাৰী হিচাপে কাম কৰা ৰিউবেন ত্ৰয়েৰৰ পুত্ৰ ভাৰ্ণে সাধাৰণ জীৱনৰ পৰা নিজৰ ব্যক্তিত্ব আৰু প্ৰতিভাৰ বলত হলিউডত এক সুকীয়া স্থান দখল কৰে৷ ভাৰ্ণৰ বহুকেইখন হলিউড ছবিয়ে দৰ্শকৰ জনপ্ৰিয়৷ তেওঁৰ জনপ্ৰিয় ছবি কেইখন মানৰ নাম ক্ৰমে "বেবিজ ডে আউট, মেন ইন ব্লেক, হেৰি পটাৰ, ভলকেন’৷ তদুপৰি বহুকেইখন ধাৰাবাহিকতো কাম কৰিছে ভাৰ্ণে৷