গুৱাহাটীঃ বাট চাই ৰও শীৰ্ষক ভিডিঅ’ চিডি খনৰ শুভ উন্মোচন হয় শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত। উন্মোচনী অনুস্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাগ নিউজৰ বাৰ্তা সম্পাদক তথা জেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা, অভিনেতা কপিল বৰা, কণ্ঠশিল্পী জুবলী বৰুৱা।
মুম্বাইত পৰিচালক অাৰু প্ৰযোজক হিচাবে কৰ্মৰত অসমৰ যুৱক অৰুণজিত বৰাই ‘বাট চাই ৰও’ শীৰ্ষ গীতটি পৰিচালনা কৰিছে। ‘বেণ্ড অৱ হেৰিকেন গালৰ্ছ’ৰ মুনামি কলিতাই পৰিচালনা কৰা বাট চাই ৰওত কণ্ঠদান কৰিছে সংগীতা দাসে।