newsnextone.com | খেৰণিঃ বুধবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে ডংকামোকামত কাৰ্বি আংলং বিজেপিৰ বিকাশ উৎসৱ অনুষ্ঠান অনুষ্ঠিত কৰে। পাহাৰীয়া জিলাখনত ইতিমধ্যে উদ্ধোধন কৰা, আধাৰশিলা স্থাপন কৰা বিভিন্ন প্ৰকল্প আৰু আঁচনিৰ জয়গান গাবলৈ অনুষ্ঠিত কৰা বিকাশ উৎসৱৰ মুকলি সভাত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ উপস্থিত থাকে৷
পশ্চিম কাৰ্বি আংলং জিলাৰ ৯ পৰিষদীয় সমষ্টিক সামৰি অনুষ্ঠিত কৰা বিকাশ উৎসৱত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণ প্ৰদান কৰি
কাৰ্বি আংলঙৰ সর্বাংগীন উন্নয়ন আৰু বিকাশৰ বাবেহে কাৰ্বি আংলঙত ৰাজনীতি কৰিছোঁ বুলি কয়৷ কাৰ্বি আংলঙৰ বিজেপিয়ে কাৰোবাৰ বিৰুদ্ধে অপপ্ৰচাৰ অথবা সমালোচনা কৰিবলৈ ৰাজনীতি কৰা নাই বুলিও কয়৷