নগাঁওঃ লকডাউনৰ আজি দ্বিতীয় দিন। এই দ্বিতীয় দিনত নগাঁওবাসী ৰাইজে কৰ'নাক ৰুধিবলৈ ঘৰৰ ভিতৰতে সোমাই থকা দেখা গৈছে। আজি পুৱাৰ পৰা এই বাতৰি যুগুতোৱা পৰ্যন্ত নগাঁও সদৰ তথা ইয়াৰ ওচৰ-পাজৰৰ অঞ্চলসমূহত পথ সম্পূৰ্ণৰূপে জনশূন্য হৈ আছে। মাজে মাজে অত্যাৱশ্যাকীয় সামগ্ৰী কঢ়িওৱা তথা আৰক্ষীৰ দুই এখন বাহন চলিলেও সেয়াও তেনেই তাকৰ।
উল্লেখ্য যে, মাৰাত্মক কৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণ ঘটি সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টিৰে শ শ লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ পৰিপ্ৰেক্ষিতত সংক্ৰমণ ৰোধ কৰাৰ অৰ্থে সমগ্ৰ ভাৰততে যোৱা ২৫ মাৰ্চৰ পৰা আৰম্ভ হৈছে ২১ দিনীয়া লকডাউন। এই সময়ছোৱাত সকলোকে সজাগ আৰু সচেতন হ’বলৈ চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সহাঁৰি জনাই সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাবাসী ৰাইজেও বিশেষ সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে।
ইয়াৰ অংশ হিচাপে নগঞা ৰাইজ কালিৰে পৰা সম্পূৰ্ণ গৃহবন্দীত্ব যাপন কৰি কৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ বাবে মন সবল কৰাৰ উপৰিও জিলাখনৰ পশ্চিম প্ৰান্তৰ বেবেজীয়াৰ সমীপৰ চকলাঘাট কোঁচৰগাঁও আৰু জাজৰিৰ সমীপৰ বেলতল বৰিগাঁৱৰ আৰু ৰাইদঙীয়াৰ বৰিগাঁৱৰ যুৱকসকলে কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ গাঁওকেইখনৰ ৰাইজৰ সহযোগত যুৱকসকলে গাঁৱলৈ প্ৰৱেশ কৰা পথত বাঁহ বান্ধি বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ৷
আনকি গাঁওকেইখনৰ দুয়োমূৰে পৃথকে পৃথকে বাঁহ বান্ধি গাঁৱৰ স্থানীয় লোকৰ বাহিৰে অন্য ঠাইৰ অচিনাকি লোকৰ প্ৰৱেশ নিষিদ্ধ কৰি একোখনকৈ ফলক আঁৰি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনতাৰ সুৰক্ষাৰ বাবে দেশজুৰি গ্ৰহণ কৰা "লকডাউন" পদক্ষেপৰ অংশ হিচাপে গাঁওবাসীয়ে নিজৰ লগতে আন বহুতৰে সুৰক্ষাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি গাঁওকেইখনৰ যুৱকসকলে জানিবলৈ দিছে।
'লকডাউন আমাৰ ইয়াত সকলোৱেই মানি চলিছে। তথাপি কিছুমান লোকক বুজনি দিয়ো লাভ নহয়। ওচৰ-পাজৰৰ গাঁৱৰ কোনো লোক ইয়ালৈ আহিলে বাধা দিয়াতো কঠিন হৈ পৰিব পাৰে। সেয়ে আমি সতৰ্কতামূলক ব্যৱস্থা হিচাপে এনেদৰে বাঁহ বান্ধি থৈছো। তেতিয়া বাহিৰৰ কোনো লোকে আমাৰ গাঁৱত প্ৰৱেশ কৰিব নোৱাৰিব আৰু সুৰক্ষা একপ্ৰকাৰ নিশ্চিত হৈ থাকিব।'-এইদৰে কয় গাঁওখনৰ এজন যুৱকে।