ডিজিটেল ৰিপ’ৰ্টঃ মহানগৰীৰ শিক্ষাৰ্থীক ম্লান পেলাই সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত উজলি উঠিল গ্ৰাম্যাঞ্চলৰ শিক্ষাৰ্থী। পৰ্যাপ্ত সুবিধাৰ পৰা বঞ্চিত, যোগাযোগ তথা অন্যান্য ক্ষেত্ৰত অৱহেলিত গ্ৰাম্যাঞ্চলৰ শিক্ষাৰ্থীসকলে কলা আৰু বিজ্ঞান এই দুয়োটা শাখাতে আধিপত্য বিস্তাৰ কৰা পৰিলক্ষিত হৈছে।
ইয়াৰ বিপৰীতে মেধাৱী শিক্ষাৰ্থীৰে ভৰি থকা ৰাজ্যৰ আগশাৰীৰ কটন মহাবিদ্যালয়ৰ মাত্ৰ দুগৰাকী শিক্ষাৰ্থীয়েহে স্থান লাভ কৰিবলৈ সমৰ্থ হয়। সততে বিতৰ্কত থকা মহাবিদ্যালয়খনৰ মান যে অৱনমিত হৈছে সেয়া আজিৰ ফলাফলে পুনৰ প্ৰতিপন্ন কৰা বুলি সৰ্বত্ৰে চৰ্চিত হৈছে।