Home অন্যান্য খবৰবিনোদ ব্ৰহ্ম সোঁৱৰণী ফুটবল প্ৰতিযোগীতাৰ চেম্পিয়নশ্বিপ খিতাপ অৰ্জন জাইখলং স্পৰ্টং ক্লাৱৰ

বিনোদ ব্ৰহ্ম সোঁৱৰণী ফুটবল প্ৰতিযোগীতাৰ চেম্পিয়নশ্বিপ খিতাপ অৰ্জন জাইখলং স্পৰ্টং ক্লাৱৰ

by News Desk
A+A-
Reset
football

কোকৰাঝাৰঃ জাইখলং স্পৰ্টচ ক্লাৱে বড়ো জনগোষ্ঠীৰ ফুটবল খেলৰ মহানায়ক খ্যাত প্ৰয়াত বিনোদ ব্ৰহ্ম সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ চেম্পিয়নশ্বিপ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ৷ দিহুং স্পৰ্টচ ক্লাৱৰ উদ্যোগত তথা প্ৰয়াত বিনোদ ব্ৰহ্মৰ পৰিয়িলৰ সহযোগত যোৱা ৫ অক্টোবৰৰ পৰা কোকৰাঝাৰৰ নিকটৱৰ্তী বনৰগাওঁ খেল পথাৰত চলি থকা প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত ফাইনেল খেলত বনৰগাঁৱৰ জাইখলং স্পৰ্টচ ক্লাৱে ট্ৰাইবেকাৰৰ সহায়ত জৌথাই স্পৰ্টচ ক্লাৱ গেন্দ্ৰাবীলক ৩ – ১ গ’লৰ ব্যৱধানত পৰাজিত কৰে ৷ প্ৰতিপক্ষৰ আক্ৰমণ প্ৰত্যাক্ৰমণৰে আৰম্ভণিৰে পৰা  তীব্ৰ উত্তেজনাপূৰ্ণ হৈ উঠা ফাইনেল খেল খনৰ প্ৰথমাৰ্ধৰ ১০ মিনিটতে ধ্ৰুৱজ্যোতিয়ে এক গ’ল দি জাইখলং স্পৰ্টচ ক্লাৱক অগ্ৰগতি দিয়াই যদিও ২৫ মিনিটত  মুন্না বসুমতাৰীৰ এক গ’লৰ সহায়ত জৌথাই স্পৰ্টচ ক্লাৱে সমতা স্থাপন কৰিবলৈ সক্ষম হয় ৷ খেলৰ নিৰ্ধাৰিত সময়লৈ   দুয়োপক্ষৰ ১-১ গ’লৰে  ড্ৰ’ হোৱাত ৰেফাৰীয়ে ট্ৰাইবেকাৰৰ সহায় লয় ৷ ট্ৰাইবেকাৰত জইখলং স্পৰ্টচ ক্লাৱে গেন্দ্ৰাবীলৰ জৌথাই স্পৰ্টচ ক্লাৱক ৩ – ১ গ’লত পৰাজিত কৰি চুড়ান্ত খিতাপ অৰ্জন কৰে ৷ আজিৰ খেলখন পৰিচালনা কৰে ধনঞ্জয় বসুমতাৰীয়ে ৷ খেলৰ অন্তত বঁটা বিতৰণী অনুষ্ঠানত বিজয়ী দল জাইখলং স্পৰ্টচ ক্লাৱক ট্ৰফীসহ নগদ ৩০ হেজাৰ টকা প্ৰদান কৰে  কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে আৰু ৰাৰ্ণাচআপ দল জৌথাই ক্লাৱক নগদ ২০ হেজাৰ টকা সহ ট্ৰফী প্ৰদান কৰে বিটিচিৰ বনৰগাঁও পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্মই ৷প্ৰতিযোগিতাৰ  শ্ৰেষ্ঠ্ খেলুৱৈ হিচাৱে নিৰ্বাচিত হোৱা জৌথাই ক্লাৱৰ খেলুৱৈ  মুন্না বসুমতাৰীক ট্ৰফীসহ নগদ ২ হেজাৰ টকা প্ৰদান কৰে প্ৰয়াত বিনোদ ব্ৰহ্মৰ পুত্ৰ বিশ্বজিত ব্ৰহ্মই ৷ বটাঁ বিতৰণী অনুষ্ঠানত  কোকৰাঝাৰ ক্ৰীড়া সন্থাৰ উপদেষ্টা মাগুৰাম বালাৰী , উপসভাপতি সাৰদা পাল , প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সম্পাদক কবিৰঞ্জন ব্ৰহ্ম, বিনোদ ব্ৰহ্মৰ পুত্ৰ বিশ্বজিত ব্ৰহ্মৰ লগতে এবছু আৰু বড়ো সাহিত্য সভাৰ বনৰগাঁও আঞ্চলিক পৰ্যায়ৰ নেতা সকলো উপস্থিত থাকে ৷

ধনঞ্জয় নাথ,কোকৰাঝাৰ

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0