ডিজিটেল ডেস্কঃ বলিউড জগতক পাঁচোটাকৈ দশকজুৰি অনবদ্য অভিনয়েৰে দৰ্শকক মোহাবিষ্ট কৰি ৰখা অভিনেতা বিনোদ খান্নাৰ আজি মুম্বাইৰ গিৰগাঁওস্থিত এইচ এন ৰিলায়েন্স ফাউণ্ডেশ্যন হস্পিতালত দেহাবসান ঘটে। অমৰ-আকবৰ-এন্থনী, দা বাৰ্ণিং ট্ৰেইনৰ দৰে ব্লকবাষ্টাৰত অভিনয় কৰা অভিনেতাগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৭০ বছৰ।
ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ খান্না ভালেমান দিনধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল। শেহতীয়াকৈ প্ৰকাশ পোৱা খান্নাৰ এখন ফটোত স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটাৰ কথা প্ৰকাশ হোৱাৰ লগে লগে অনুৰাগীসকলক চিন্তিত কৰি তুলিছিল।