ডিজিটেল ডেস্কঃ কোনো নিয়মেই যেন মানিব খোজা নাই ৰিলায়েন্স জিঅ’ই৷ জিঅ’ৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰাই নহয়, তিনিটাকৈ অকাট্য প্ৰশ্নৰে টেলিকম ৰেগুলেটেৰি অথ’ৰিটিলৈ এখন অভিযোগ পত্ৰও প্ৰেৰণ কৰিছে ভোডাফোনে৷
পত্ৰখনত প্ৰশ্ন উত্থাপন কৰে যে ৩০৩ টকাতেই তিনিমাহৰ বাবে ইণ্টাৰনেট বিনামূলীয়া কৰাৰ ‘ছামাৰ ছাৰপ্ৰাইজ’ বোলা অফাৰটো কেনেদৰে বৈধ হ’ব পাৰে। তাৰোপৰি ট্ৰায়ে ছামাৰ ছাৰপ্ৰাইজ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতো কেনেদৰে জিঅ’ই ছামাৰ ছাৰপ্ৰাইজ চলাই আছে বুলিও উল্লেখ কৰে টেলিকম প্ৰতিষ্ঠানটোৱে।