ডিব্ৰুগড়ঃ আলফাৰ ৰাজনৈতিক উপদেষ্টা প্ৰয়াত ভীমকান্ত বুঢ়াগোঁহাই ওৰফে মামাৰ সোঁৱৰণত ৰহমৰীয়াত ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰিছে অসম সুৰক্ষা সেনাই। এই কথা সদৰী কৰিছে সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক জিন্ত দাস আৰু সাংগঠনিক সম্পাদক ৰঞ্জন দত্তই।
উল্লেখ্য যে ২০১৫ চনৰ ২২ ফেব্ৰুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাবত আত্ম প্ৰকাশ কৰিছিল জাতীয় সংগঠনটোৱে। জন্মৰ লগ্নৰে পৰাই সংগঠনটোৱে অৰ্থনৈতিকভাৱে অসমীয়া জাতিটো এক সমৃদ্ধিশালী আৰু অৰ্থনৈতিকভাৱে সৱল কৰিবলৈ এক নীৰৱ বিপ্লৱৰ সূচনা কৰি আহিছে।