মঙ্গলদৈঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজিও দৰং জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত আছে । শেহতীয়া তথ্য অনুসৰি জিলাখনৰ মুঠ ২৩৭ খন গাও, ১১,৩১৩.৫ হেক্টৰ কৃষিভূমি জলমগ্ন হৈ আছে । বানত ক্ষতিগ্ৰস্থ হৈছে ২,৪৩,৯৭৯ জন লোক । জিলাখনৰ মঙলদৈ ৰাজহ চক্ৰত ১২ টা , ছিপাঝাৰ ৰাজহ চক্ৰৰ ১ টা, পাথৰিঘাট ৰাজহ চক্ৰত ৭ টা আৰু দলগাওঁ ৰাজহ চক্ৰৰ ২৩ টা বান সাহাৰ্য্য শিবিৰকে ধৰি মুঠ ৪৩ টা বান সাহাৰ্য্য শিবিৰ স্থাপন কৰা হৈছে ।
ইয়াৰে মঙলদৈ আৰু ছিপাঝাৰ সাহাৰ্য্য শিবিৰত বাহৰ পাতি আছে ১০,৮৪৭ জন লোকে । ইতিমধ্যে খোৱাপানীৰ উপৰিও ২১৪০.১৬ কুইণ্টল চাউল , ৪১২.১৬ কুইণ্টল দাইল, ১২৪.৮৬ কুইণ্টল নিমখ, ১০০ পেকেট গাখীৰ (২০০ গ্ৰামকৈ) বিতৰণ কৰা হৈছে । ১০ ট্ৰাক পশুখাদ্য বিতৰণ কৰা হৈছে ।