96
কোকিলাঃ বঙাইগাঁও জিলাৰ এখন পিছপৰা গাঁও কোকিলা। লুইতৰ বানে ধোৱা গাওঁখন প্ৰতিদিনে খহিছে গৰাখহনীয়াত। তথাপিও সংশয় আৰু দুৰ্ভাৱনাৰ মাজতে জীয়াই থকাৰ সাহস দিছে বালিচৰেই।
প্ৰতি বছৰে প্ৰলয়ংকাৰী বান আৰু তীব্ৰ গৰাখহনীয়াই গৰৈমাৰী অঞ্চলৰ হাজাৰ হাজাৰ কৃষকক সৰ্বস্বান্ত কৰে। খেতিৰ পথাৰ মৰুভূমি সদৃশ বালিচৰত পৰিণত কৰাৰ সময়তে খাটি খোৱা পৰিশ্ৰমী খেতিয়কসকলে বালিৰ পৰাই সোণ বুটলিবলৈ সক্ষম হৈছে।