গোলাঘাট, ১১ জুলাই : সম্প্ৰতি ক’ৰণা মহামাৰীৰ এই সংকট কালত শিক্ষানুষ্ঠান সমূহ দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে। তাৰ সমান্তৰাল ভাৱে অসমত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষাসমূহক কেন্দ্ৰ কৰি চলি থকা অনিশ্চয়তাৰ বাতাবৰণে ছাত্ৰ ছাত্ৰী সকলৰ মানসিক স্বাস্থ্যৰ দিশটো যথেষ্ট প্ৰভাৱান্বিত কৰি তুলিছে।
গতিকে ছাত্ৰ ছাত্ৰী সকলৰ মানসিক স্বাস্থ্যৰ সমস্যাৰ সমাধান আৰু লগতে তেওঁলোকৰ মাজত এক আত্ম প্ৰেৰণা যোগাই নতুন উদ্যম প্ৰদান কৰাৰ লক্ষ্যৰে এক ৱেবিনাৰৰ আয়োজন কৰিবলৈ আগবাঢ়ি আহিছে গোলাঘাটৰ ইকুইনক্স নামৰ সংস্থাটো।