ধৰি লওক, আপুনি সামাজিক মাধ্যমটো খুলি কিবা কিবি চাই থাকোতেই মোবাইল স্ক্ৰীণত আপোনাৰ আপোনাৰ প্ৰিয় চেলিব্ৰেটীগৰাকীৰ এটা ভিডিঅ’ ভাঁহি উঠিছে। ভিডিঅ’টোত আপোনাৰ প্ৰিয় চেলিব্ৰেটীগৰাকীয়ে তেওঁৰ অনুৰাগীসকলক এনে এটা কাম কৰিবলৈ আহ্বান জনাইছে, যিটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। এই ভিডিঅ’ দেখি আপোনাৰ কেনে অনুভৱ হ’ব?
ধৰি লওক, এজন খুব চৰ্চিত ৰাজনৈতিক নেতাই দুটা সম্প্ৰদায়ৰ মাজত বিভেদৰ স্ফুলিংগ তুলিব পৰা মন্তব্য কৰা এটা মন্তব্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো আপুনিও দেখিছে। নেতাজনৰ তেনে মন্তব্যই সমাজত অশান্ত পৰিস্থিতিৰ সৃষ্টি নকৰিব বুলি কোনে ডাঠি ক’ব পাৰে?
কিন্তু বৰ্তমান সময়ত সকলো সম্ভৱ! অত্যাধুনিক প্ৰযুক্তিৰ যুগত হঠাৎ আপুনি আপোনাৰ প্ৰিয় চেলিব্ৰেটীগৰাকীয়ে অনুৰাগীক বিশেষ আহ্বান কৰা ভিডিঅ’ দেখিবলৈ পোৱাতো বা ৰাজনৈতিক নেতাৰ সাম্প্ৰদায়িক সংঘাতৰ সূচনা কৰিব পৰা মন্তব্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰাতো অসম্ভৱ নহয়। অৱশ্যে তেনে ভিডিঅ’ আচল নহ’বও পাৰে। সেয়া হ’ব পাৰে কোনো চক্ৰই কৃত্ৰিম বুদ্ধিমতাৰে প্ৰস্তুত কৰা ডিপফেক ভিডিঅ’। কিন্তু আজিৰ পৰা আৰু কিছু বছৰ পিছত তেনে নকল ভিডিঅ’ আৰু বাস্তৱতাৰ মাজত পাৰ্থক্য বিচাৰি উলিওৱাটো আপোনাৰ বা আন কাৰোবাৰ বাবে অতি কঠিন হৈ পৰিব।
শেহতীয়াকৈ দক্ষিণৰ মোহময়ী অভিনেত্ৰী ৰশ্মিকা মণ্ডান্নাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছিল। এই ভিডিঅ’টোৰ পিছতে ভাৰতত পুনৰ এবাৰ চৰ্চালৈ আহিছে ডিপফেক প্ৰযুক্তি। অভিনেত্ৰী ৰশ্মিকা মণ্ডান্নাৰ ভাইৰেল ভিডিঅ’ আচল নাছিল, সেয়া আছিল কৃত্ৰিম বুদ্ধিমতা বা এআইৰে জৰিয়তে প্ৰস্তুত কৰা হুবহু বাস্তৱযেন লগা এটা ডিপফেক নকল ভিডিঅ’।
দক্ষিণৰ চেলিব্ৰেটী অভিনেত্ৰীগৰাকীৰ এই ভিডিঅ’ ভাইৰেল হৈ অনুৰাগীৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত পোহৰলৈ আহে ভিডিঅ’টোৰ সত্যতা। কিন্তু সমান্তৰালভাৱে ডিপফেকৰ জৰিয়তে সম্ভৱ কৰিব পৰা বিশাল পৰিসৰৰ কথা চিন্তা কৰিও উদ্বিগ্ন হৈ পৰিছে বহু লোক। বহুতে আশংকা ব্যক্ত কৰিছে- ডিপফেক এনে এক অত্যাধুনিক প্ৰযুক্তি, যাৰ জৰিয়তে কাৰোবাৰ জীৱন মুহূৰ্তৰ ভিতৰতে ধ্বংস কৰিব পাৰে, কাৰোবাক বদনামী কৰিব পাৰে বা কাৰোবাৰ নামত চলনা কৰি বিয়াগোম কেলেংকাৰী সংঘটিত কৰিব পাৰে। মানুহৰ এই আশংকা একেবাৰে অমূলক নহয়।
অভিনেত্ৰী ৰশ্মিকা মণ্ডান্নাৰ ভাইৰেল ভিডিঅ’, চৰ্চাত ডিপফেক
যোৱা ৫ নৱেম্বৰত ইনষ্টাগ্ৰামত জনপ্ৰিয় অভিনেত্ৰী ৰশ্মিকা মণ্ডান্নাৰ এটা ভিডিঅ’ পোষ্ট কৰা হৈছে। কেই চেকেণ্ডমানৰ এই ভিডিঅ’টো সামাজিক মাধ্যমত পোষ্ট কৰাৰ পিছত কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰে। অভিনেত্ৰীগৰাকীৰ এই ভিডিঅ’টোও আশ্বৰ্যচকিত কৰে তেওঁৰ অনুৰাগীসকলকো। ভিডিঅ’টো অশালীন নাছিল, কিন্তু অভিনেত্ৰী মণ্ডান্নাৰ স্বভাৱৰ বিপৰীত আছিল এই ভিডিঅ’টো। যাৰ বাবে ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে অসন্তুষ্টি ব্যক্ত কৰে তেওঁৰ অনুৰাগীসকলে।
কিন্তু ফেক্ট চেকাৰ ৱেবছাইট অল্ট নিউজৰ সাংবাদিক অভিষেকে পোহৰলৈ আনে এই ভিডিঅ’টোৰ সত্যতা। ফেক্ট চেকত পোহৰলৈ অহাৰ পিছত স্পষ্ট হৈ পৰে যে অভিনেত্ৰীগৰাকীৰ এই ভাইৰেল ভিডিঅ’টো প্ৰকৃত নহয়। দৰাচলতে এই ভিডিঅ’টোত থকা যুৱতীগৰাকী অন্য এগৰাকী যুৱতীহে, যাৰ নাম হৈছে জাৰা পেটেল।
বৃটিছ-ইণ্ডিয়ান ইনফ্লুৱেন্সাৰ জাৰা পেটেলে ৯ অক্টোবৰত নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত তেওঁৰ এই ভিডিঅ’ পোষ্ট কৰিছিল। জাৰা পেটেলৰ সেই ভিডিঅ’টোতে কোনোৱে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত অভিনেত্ৰী ৰশ্মিকা মণ্ডান্নাৰ মুখাৱয়ব সংলগ্ন কৰি ৫ নৱেম্বৰত সামাজিক মাধ্যমত ভাইৰেল কৰে। ডিপফেক প্ৰযুক্তি ব্যৱহাৰ কৰি ভিডিঅ’টো এইদৰে প্ৰস্তুত কৰা হৈছিল যে ভিডিঅ’টো প্ৰত্যক্ষ কৰি অভিনেত্ৰীগৰাকীৰ বহু অনুৰাগীৰ বাবে সেয়া নকল ভিডিঅ’ বুলি অনুমান কৰাটো সম্ভৱ নাছিল।
এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ প্ৰতি শংকা ব্যক্ত কৰি অভিনেত্ৰী মণ্ডান্নাই এটা পোষ্ট কৰে। তেওঁ লিখে, ''ইণ্টাৰনেটত ভাইৰেল হৈ পৰা মোৰ ডিপফেক ভিডিঅ’টোৰ বিষয়ে আজি মই স্পষ্টীকৰণ দিবলগীয়া হোৱাত সঁচাই বহু আঘাত পাইছো। সঁচা কথা ক’বলৈ গ’লে এনেকুৱা যিকোনো কথাই অতি ভয়ংকৰ, কেৱল মোৰ বাবেই নহয় আমাৰ সকলোৰে বাবে। যিদৰে প্ৰযুক্তিৰ অপব্যৱহাৰ হৈছে, ই কেৱল মোৰ বাবেই নহয়, আন বহু লোকৰ বাবেও বৃহৎ লোকচানৰ সৃষ্টি কৰিব পাৰে।’’
ৰশ্মিকাই পুনৰ লিখিছে, ''আজি এগৰাকী মহিলা আৰু অভিনেতা হোৱাৰ বাবে মোৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু শুভাকাংক্ষীসকলৰ প্ৰতি ধন্যবাদ জনাইছো যিসকল মোৰ ৰক্ষাকৱচ আৰু মোক সমৰ্থন জনাই আহিছে। কিন্তু যদি মই স্কুল বা কলেজত পঢ়ি থকা সময়ত মোৰ সৈতে এনেকুৱা কিবা এটা ঘটিলহেঁতেন, তেন্তে তেতিয়া মই ইয়াৰ সন্মুখীন কেনেকৈ হ’লোহেঁতেন সেয়া মই কল্পনাই কৰিব নোৱাৰো" তেওঁ আকৌ লিখিছে, ''আমাৰ অধিকাংশই এনে পৰিচয় চুৰিৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পূৰ্বে সমাজৰ পৰা ইয়াক অনতিপলমে নিৰ্মূল কৰিব লাগিব।’’
অভিনেত্ৰীগৰাকীৰ এই ডিপফেক ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত উদ্বেগ ব্যক্ত কৰি ইয়াৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে বলিউডৰ অভিনেতা অমিতাভ বচ্চনেও। বলিউড আৰু দক্ষিণৰ আন কেবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত এনে ফেক ভিডিঅ’ আৰু ফটো প্ৰস্তুত কৰাক লৈ উদ্বেগ ব্যক্ত কৰে।
প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।
Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!
ইফালে এই ভিডিঅ’টোক লৈ সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতে ভিডিঅ’টোৰ প্ৰকৃত মুখ জাৰা পেটেলে স্পষ্টীকৰণ দি কয়, ''এই ভিডিঅ’টোৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই। যি হৈ আছে তাক লৈ মই গভীৰভাৱে চিন্তিত আৰু বিচলিত হৈ পৰিছো। কোনোবাই মোৰ ভিডিঅ'টো ব্যৱহাৰ কৰি মোৰ সন্মতি বা অজ্ঞাতে আন কাৰোবাৰ ভুৱা ভিডিঅ' প্ৰস্তুত কৰিছে। এইটো মোৰ গোপনীয়তা আৰু অধিকাৰৰ উলংঘা। মহিলা আৰু যুৱতীৰ ভৱিষ্যতৰ বাবেও মই চিন্তিত। অনুগ্ৰহ কৰি ইণ্টাৰনেটত দেখা সকলোবোৰ তথ্য পৰীক্ষা কৰক আৰু দেখা মাত্ৰেই সকলো বিশ্বাস নকৰিব।’’
একে সময়তে কেন্দ্ৰীয় (ৰাজ্যিক) মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে কয় যে ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে যাতে তেওঁলোকৰ প্লেটফৰ্মত ভুল তথ্য শ্বেয়াৰ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।
ডিপফেক কি?
ডিপফেক হৈছে ভিডিঅ’, ছবি আৰু অডিঅ’ৰ সৈতে হেতালি খেলিবলৈ এআইক বিশেষ ধৰণে ব্যৱহাৰ কৰা এটা কৌশল। এই প্ৰযুক্তিৰ সহায়ত আন এজনৰ ফটো বা ভিডিঅ’ত আন কাৰোবাৰ মুখমণ্ডল সংলগ্ন কৰি ভুৱা ভিডিঅ’ বা ফটো প্ৰস্তুত কৰিব পাৰি। সহজ ভাষাত এই কৌশলত এআই ব্যৱহাৰ কৰি এটা ভুৱা ভিডিঅ’ বনাব পাৰি যিটো দেখাত বাস্তৱ, কিন্তু ভুৱা। এই কাৰণেই ইয়াৰ নাম 'ডিপফেক’ ৰখা হৈছিল।
খবৰ অনুসৰি এই শব্দটোৰ ব্যৱহাৰ ২০১৭ চনত আৰম্ভ হৈছিল যেতিয়া এজন ৰেডিট ব্যৱহাৰকাৰীয়ে পৰ্ণ ভিডিঅ’ত মুখ সলনি কৰিবলৈ এই কৌশল ব্যৱহাৰ কৰিছিল। পিছলৈ ৰেডিটে 'ডিপফেক পৰ্ণ' নিষিদ্ধ কৰে।
এই প্ৰযুক্তিয়ে কেনেকৈ কাম কৰে?
ডিপফেক হৈছে এক অতি জটিল প্ৰযুক্তি। ইয়াৰ বাবে মেচিন লাৰ্নিং অৰ্থাৎ কম্পিউটাৰত দক্ষতা থাকিব লাগে। ডিপফেক কন্টেন্ট দুটা এলগৰিডম ব্যৱহাৰ কৰি সৃষ্টি কৰা হয়, যিবোৰে ইটোৱে সিটোৰ লগত প্ৰতিযোগিতা কৰে। ইয়াৰে এটাক ডিকোডাৰ আৰু আনটোক এনকোডাৰ বোলা হয়। ইয়াত ফেকাৰে ডিজিটেল কন্টেন্ট তৈয়াৰ কৰে আৰু ডিকোডাৰক কন্টেন্টটো বাস্তৱিক নে ভুৱা সেইটো জানিবলৈ কয়।
প্ৰতিবাৰ ডিকোডাৰে বিষয়বস্তুক বাস্তৱ বা নকল বুলি সঠিকভাৱে চিনাক্ত কৰে, তাৰ পিছত ই সেই তথ্য এনকোডাৰলৈ প্ৰেৰণ কৰে যাতে ভুল শুধৰণি কৰি পৰৱৰ্তী ডিপফেক উন্নত কৰিব পাৰি। দুয়োটা প্ৰক্ৰিয়াক একত্ৰিত কৰিলে GAN নামৰ এটা সৃষ্টিশীল অপ’জিট নেটৱৰ্ক গঠন হয়।
ডিপফেক ক’ত ব্যৱহাৰ কৰা হয়?
খবৰ অনুসৰি এই প্ৰযুক্তিৰ আৰম্ভণি হৈছিল অশ্লীল বিষয়বস্তু সৃষ্টিৰ পৰা। পৰ্ণগ্ৰাফীত এই কৌশল বহুলভাৱে ব্যৱহাৰ কৰা হয়। অভিনেতা-অভিনেত্ৰীৰ মুখ সলনি কৰি পৰ্ণ ছাইটত অশ্লীল বিষয়বস্তু পোষ্ট কৰা হয়।
ডিপট্ৰেচৰ প্ৰতিবেদন অনুসৰি ২০১৯ চনত অনলাইনত পোৱা ৯৬ শতাংশ ডিপফেক ভিডিঅ’ত পৰ্ণগ্ৰাফিক বিষয়বস্তু আছিল। ইয়াৰ উপৰিও এই প্ৰযুক্তি মনোৰঞ্জনৰ বাবেও ব্যৱহাৰ কৰা হয়। বিভিন্ন ছবিৰ দৃশ্যৰ ডিপফেক ভিডিঅ’ বহু ইউটিউব চেনেলত পোষ্ট কৰা হয়। উদাহৰণস্বৰূপে, ‘দ্য চাইনিং’ ছবিখনৰ এটা বিখ্যাত দৃশ্যৰ ডিপফেক ভিডিঅ’ 'Ctrl Shift face YouTube’ চেনেলত উপলব্ধ।
যোৱা কেইবছৰমানৰ পৰা এই প্ৰযুক্তিৰ সহায় লৈ মৃত ব্যক্তিৰ ভিডিঅ’ আৰু ফটো প্ৰস্তুত কৰাও দেখিবলৈ পোৱা গৈছে। এই কৌশল ব্যৱহাৰ কৰি মানুহে প্ৰযুক্তিৰ জৰিয়তে নিজৰ পূৰ্বপুৰুষ আৰু ঐতিহাসিক ব্যক্তিসকলক পুনৰ এবাৰ জীৱন্ত কৰি তোলা পৰিলক্ষিত হয়।
ৰাজনীতিতো এতিয়া ডিপফেক ব্যৱহাৰ কৰা হৈছে। নিৰ্বাচনত ৰাজনৈতিক দলসমূহে ডিপফেক প্ৰযুক্তিৰ জৰিয়তে ইজনে সিজনক নিন্দা কৰে। ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ সময়তো ডিপফেক ভিডিঅ’ ভাইৰেল হৈ পৰিছিল।
কেনেকৈ চিনাক্ত কৰিব পাৰি ডিপফেক কন্টেন্ট?
ডিপফেক কন্টেন্ট চিনাক্ত কৰিবলৈ কিছুমান নিৰ্দিষ্ট কথাৰ প্ৰতি মনোযোগ দিয়াটো অতি প্ৰয়োজনীয়। তাৰ ভিতৰত মুখৰ অৱস্থান প্ৰথম। ডিপফেক প্ৰযুক্তি প্ৰায়ে মুখ আৰু চকুৰ অৱস্থানত বিকল হৈ পৰে। ইয়াৰ ভিতৰত চকুৰ পলকো অন্তৰ্ভুক্ত।
যদি আপুনি অনুভৱ কৰে যে চকু আৰু নাক আন ঠাইলৈ গৈ আছে বা বহু সময় হোৱাৰ পিছতো ভিডিঅ’টোত কোনেও চকুৰ পলক জপোৱা নাই, তেন্তে বুজিব যে এইটো এটা ডিপফেক কন্টেন্ট। ডিপফেক কন্টেন্টত ৰং চাই ফটো বা ভিডিঅ’টোত খেলিমেলি কৰা হৈছে নে নাই সেইটোও ধৰা পেলাব পাৰি।