যি দেশৰ মানুহে চিন্তাক আনৰ অধীনত ৰাখি থয় সেই দেশৰ স্বাধীনতাৰ অৰ্থ নাথাকে। কিন্তু আজি যেন আমাৰ দেশৰ অধিকাংশ লোকে নিজৰ চিন্তাক আনৰ ওচৰত বন্ধকত থবলৈহে উঠি পৰি লাগিছে। সকলোৱে যেন 'স্পীয়েৰ ছিনড্ৰম’তহে আক্ৰান্ত হৈ পৰিছে। আজিৰ দেওবৰীয়া বিশেষত এই বিষয়ে লিখিছে তৃষ্ণা বৰগোহাঞিয়ে...
আজিকালি মানুহে বিদ্ৰোহ অথবা প্ৰতিবাদ কৰিবলৈ এৰিছে। কাৰণ আমি সকলোৱে প্ৰতিবাদ অথবা বিদ্ৰোহক সন্দেহৰ চকুৰে চাবলৈ আৰম্ভ কৰিছো। কৰ্তৃত্বশীল পক্ষই কোনো কাৰণতে আন কোনোৱে তেওঁলোকৰ বিৰোধিতা কৰা বা প্ৰশ্ন তোলাতো নিবিচাৰে। মানুহে কৰ্তৃত্বশীল পক্ষক প্ৰত্যাহ্বান জনাবলৈ বা প্ৰশ্ন সুধিবলৈ ভয় কৰে, কাৰণ তেওঁলোকে বুজি পায় যে ইয়াৰ পৰিণাম স্বৰূপে কষ্ট ভুগিব লাগিব! যদিও আমি 'অন্যায়ৰ প্ৰতিবাদ কৰিবা’, 'সত্য আৰু ন্যায়ৰ পক্ষত থিয় দিবা’ জাতীয়া মূল্যবোধেৰে লালিত-পালিত হওঁ, তৎসত্বেও কিন্তু আমি এইধৰণৰ কথাবোৰ আওকাণ কৰাত অভ্যস্ত হৈ পৰিছো। আমাৰ জীৱন প্ৰবৃত্তিয়ে হয়তো আমাক বিপদ চপাই নল'বলৈ অহৰহ সকীয়াই থাকে। কাৰণ কৰ্তৃত্বশীলজনৰ সমুখত মূৰ দূপিয়াই সন্মতিসূচক সহযোগিতা আগবঢ়োৱাতো হাজাৰ গুণে সহজ আৰু পুৰস্কাৰযোগ্য। মনে মনে থাকিলে বহুত সুবিধা আদায় কৰিব পাৰি, মনে মনে থাকিলে শত্ৰু সৃষ্টি নহয়! কথাতেই কোৱা হয় যে বোবাৰ শত্ৰু নাই! সেয়ে, চৌপাশৰ যিকোনো ক্ষেত্ৰলৈ মন কৰিলেই আমি দেখিম কেৱল মোচাহেবৰ দল! সকলোৱে যেন ক্ৰমাৎ 'নিৰ্দেশ শুনা আৰু পালন কৰা'ত অভ্যস্ত হৈ পৰিছে।
যিকোনো পৰিস্থিতিতে মাত নমতাকৈ বা প্ৰতিবাদ নকৰাকৈ নিজে এক নিৰাপদ আৰু সুবিধাজনক স্থানত থকাৰ যি মনোবৃত্তি সেয়াই হৈছে স্পীয়েৰ ছিনড্ৰম’ (Speer Syndrome)। শব্দটোৰ উৎপত্তি হিটলাৰৰ ইহুদী নিধনৰ পিছত। এলবাৰ্ট স্পীয়েৰ (Albert Speer) আছিল নাজী বাহিনীৰ এজন আৰ্কিটেক্ট, মিনিষ্টাৰ অৱ আৰ্মামেন্ট আৰু হিটলাৰৰ ইহুদী নিধনৰ অন্যতম সহযোগী। মিনিষ্টাৰ অৱ আৰ্মামেন্ট হিচাবে তেওঁ হিটলাৰৰ কাৰ্যৰ নিকটতম প্ৰত্যক্ষদৰ্শী আৰু সহযোগী আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ অন্তত নাজীসৃষ্ট সেই ভয়াৱহ দিনবোৰৰ কথা যেতিয়া ৰাজহুৱা হৈ পৰিছিল তেতিয়া মানুহ স্পীয়েৰৰ ভূমিকাক লৈ আচৰিত হৈ পৰিছিল যে কেনেকৈ এজন ব্যক্তি ইমান নিষ্ঠুৰতাৰ নীৰৱ সাক্ষী হৈ ৰৈছিল!"
অনুসন্ধান প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়োৱাৰ বাবে পৰৱৰ্তী কালত যদিও তেওঁক মৃত্যুদণ্ডৰ পৰা ৰেহাই দিয়াৰ লগতে তেওঁক Good Nazi আখ্যা দিয়াও হৈচিল। কিন্তু ১৯৭১ চনত হাভাৰ্ড বিশ্ববিদ্যালয়ৰ এৰিক গ'ল্ডহেগেনে (Erich Goldhagen) স্পীয়েৰ সম্পৰ্কত কয় যে তেওঁ হিটলাৰৰ ইহুদী নিধন পৰিকল্পনাৰ বিষয়ে সম্পূৰ্ণ জ্ঞাত আছিল আৰু এই ভয়ানক কামৰ প্ৰতি মৌন সমৰ্থন আগবঢ়াইছিল কেৱল মাত্ৰ একাধিক সা-সুবিধাযুক্ত উচ্চ পদবী বাহাল ৰখাৰ স্বাৰ্থত! কিয়নো হিটলাৰৰ কাৰ্যৰ বিৰোধিতা কৰা মানেই আছিল, সেইহেন লোভনীয় বিষয়বাব হেৰুওৱা! নিজৰ স্মৃতিলেখত তেওঁ লিখিছে "...At the age of thirty eight, I was made member of Hitler's government, one that held away over much of Europe. That meant something."
আজিৰ দিনত আমি প্ৰত্যেকজন ব্যক্তিয়েই হয়তো স্পীয়েৰ ছিনড্ৰমত আক্ৰান্ত। আমাৰ চৌপাশে ঘটি থকা সৰু-বৰ ঘটনাবোৰ অথবা দুৰ্নীতি -অনিয়ম, অন্যায়-অপমান একোতেই আমি প্ৰতিবাদ নকৰো। যি যেনেকৈ চলি আছে চলি থাকিবলৈ দিও। কবি-লেখকসকল ব্যস্ত থাকে ফুল-তৰা-গানক লৈ। আন মানুহবোৰ ব্যস্ত হয় নাচ আৰু চিনেমাত। শিক্ষকে ছাত্ৰ-ছাত্ৰীক চিন্তাৰ কচৰৎ কৰিবলৈ দিয়াৰ সুযোগ নাপায়। চাৰিওফালে কেৱল সুবিধাবাদীৰ নীৰৱতা। যিকোনো অনুষ্ঠান এটাৰ কাৰ্যনিৰ্বাহক সভা এখনলৈ মন কৰক, দেখিব যে অধিকাংশৰে ওপৰৱালাক সন্তুষ্ট কৰাৰ মনোভাৱ! তেওঁলোকৰ মত বিনিময়ৰ সুৰ, শাৰীৰিক হাব-ভাৱ সকলোতে কেৱল তুষ্টি কৰণৰ প্ৰচেষ্টা।
সমাজৰ সকলো স্তৰৰ সকলো ব্যৱস্থাপনা বা কৰ্ম ক্ষেত্ৰতেই কৰ্তৃত্বশীল পক্ষৰ স্বাৰ্থৰ হকে কাম কৰিবলৈ কিছু গোট থাকে। এই গোটসমূহক উৰ্ধতন পক্ষই বিভিন্ন ধৰণৰ আৰ্থিক লাভ, সা-সুবিধা, উচ্চ আসন আদিৰে প্ৰলোভিত কৰি নিজৰ স্বাৰ্থৰ হকে ব্যৱহাৰ কৰি আহে। সমাজৰ এই স্তৰৰ মানুহে সাধাৰণতে নিজৰ স্বাৰ্থৰ প্ৰতিকূল হোৱাকৈ একোকে নকৰে, লাগিলে তাৰ দ্বাৰা সমাজৰ বৃহত্তৰ স্বাৰ্থৰ অপূৰণীয় ক্ষতিয়েই নহওক কিয়! বৰ্তমান সময়ত আমাৰ দেশত এই ধৰণৰ মনোভাৱ সৰ্বত্ৰে। অথচ আমি ৰবীন্দ্ৰনাথৰ দেশৰ মানুহ! যাৰ কলমেৰে নিগৰিছিল..."Where the mind is free, and the head is held high..." কবিৰ পৰম আকাংক্ষিত মুক্ত চিন্তাৰ আৰু উচ্চশিৰৰ সেই দেশ যেন কেৱল কবিৰ কল্পনাতেই ৰৈ গ'ল! সেয়ে হয়তো আমাৰ দেশ স্বাধীনতাৰ অত বছৰৰ পিছতো গোলামেই হৈ ৰৈছে।
আমাৰ দেশৰ মানুহবোৰ এতিয়া সেই "উলংগ ৰজাৰ" দেশৰ তোষামোদকাৰী পাৰিষদসকল। এবাৰ এখন দেশৰ এজন চতুৰ শিপিনীয়ে ৰজাক ক'লে যে তেওঁ এক অতি সুন্দৰ দিব্য পোছাক বয়ন কৰি ৰজাক উপহাৰ দিব। এই পোছাক ইমানেই সুন্দৰ আৰু দৈৱ গুণযুক্ত যে যিকোনো মানুহে এই পোছাক দেখিবলৈ নাপাব, সেই পোছাক কেৱল এনে ব্যক্তিয়েহে দেখিব যাৰ অন্তৰ পৱিত্র, মন অপাপ। শিপিনীয়ে প্ৰচুৰ অৰ্থ লৈ সেই দিব্যবস্ত্ৰ ববলৈ আৰম্ভ কৰিলে। ৰজাই এদিন তেওঁৰ মন্ত্ৰীক বস্ত্ৰ চাবলৈ পঠিয়ালে। মন্ত্ৰীয়ে বস্ত্ৰ নেদেখিলে, কিন্তু নেদেখা বুলি এতিয়া কয় কেনেকৈ? নেদেখা মানেই সকলোৰে দৃষ্টিত পাপী হৈ পৰা। সেয়ে আহি ৰজাক ক'লে যে বস্ত্ৰ অতি সুন্দৰ! তেনেদৰে আন আন পাৰিষদসকলেও ৰজাক ক'লে। কোনেও কিন্তু শিপিনীৰ শালত যে বস্ত্ৰ নাই দেখা সেই কথা নক'লে। সকলোৰে নিজকে পৱিত্ৰ আৰু পুণ্যাত্মা হিচাপে দেখুওৱাবলৈ মন।
অৱশেষত শিপিনীয়ে সেই দিব্যবস্ত্ৰ ৰজাক দিলেহি। ৰজায়ো এতিয়া বস্ত্ৰ নাই দেখা বুলি ক'ব নোৱাৰে, যদি তেওঁ নাই দেখা বুলি কয় তেন্তে তেওঁ পাপী বুলি পৰিগণিত হ'ব। ৰজাই এইবাৰ দিব্যবস্ত্ৰ পিন্ধি সকলোকে দেখুৱাবৰ বাবে ৰাজপথলৈ গ'ল। সকলোৱে তেওঁৰ অদৃশ্য দিব্যবস্ত্ৰৰ প্ৰশংসা কৰিলে। তেনেত মাকৰ লগত ক'ৰবালৈ গৈ থকা কণমানি এটিয়ে ৰজাক দেখি চিঞৰি উঠিল, "চোৱা চোৱা আমাৰ ৰজা উলংগ!"
যি দেশৰ মানুহে চিন্তাক আনৰ অধীনত ৰাখি থয় সেই দেশৰ স্বাধীনতাৰ অৰ্থ নাথাকে। সেয়ে আমাক লাগে মুক্ত প্ৰতিবাদী কণ্ঠ, যিয়ে উলংগ ৰজাৰ চকুত চকু থৈ ক'ব পাৰে "ৰজাৰ দেহত দেখোন কাপোৰেই নাই!" প্ৰতিবাদী কণ্ঠ গণতন্ত্ৰত আন্ধাৰ পথৰ পোহৰ সদৃশ। মতবিৰোধ, বিদ্ৰোহ এক অমূল্য সঁচাৰকাঠি, যিয়ে কেৱল চৰকাৰকেই নহয়, যিকোনো কৰ্তৃত্বশীল পক্ষক দায়ৱদ্ধ কৰি ৰাখিব পাৰে। মতভেদ আৰু প্ৰতিবাদী কণ্ঠই নতুন চেতনাৰ উন্মেষ ঘটায়। সমাজত বা কোনো অনুষ্ঠানত যেতিয়া ভিন্ন ধাৰণা বা মত উত্থাপিত হয় তেতিয়াহে নতুনত্ব আহে। সেয়ে এয়া সময়ৰ আহ্বান যে আমি 'ভেড়াৰ পালৰ' দৰে herd mentality বা group think এৰিবৰ হ'ল। আমি কেতিয়াবা প্ৰতিবাদৰ শব্দবোৰ শিকিমনে? সত্য, ন্যায় আৰু গণতান্ত্ৰিক প্ৰমূল্য প্ৰতিষ্ঠাৰ বাবে আমি প্ৰয়োগ কৰিমনে শক্তিশালী শব্দ ব্ৰহ্ম?
Disclaimer: The opinions expressed within this article are the personal opinions of the writer. The facts and opinions appearing in the article do not reflect the views of News Next One and News Next One does not assume any responsibility or liability for the same.