বিশেষ প্ৰতিবেদনঃ শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ চৌদিশে ঘৰে ঘৰে কেৱল তিৰংগা আৰু তিৰংগা। কোনোৱে যদি ঘৰৰ ছাদত তিৰংগা উৰুৱাইছে, কোনোৱে আকৌ পদুলিত তিৰংগা উৰুৱাইছে। গাড়ী, বাইক, চাইকেল, ৰিক্সা, ই-ৰিক্সা সকলোতে যোৱা ৩ দিনত তিৰংগা দেখা গৈছে। ১৩-১৫ আগষ্টলৈকে, এই তিনিটা দিনত তিৰংগা ক্ৰয় নকৰা লোক হয়তো খুব কমেইহে ওলাব।
এসময়ত বিদ্ৰোহী সমস্যাৰে জৰ্জিৰত অসম তথা উত্তৰ-পূবত ৰাষ্ট্ৰীয় পতাকাক লৈ দেখা পোৱা হোৱা এই আগ্ৰহৰ পৰা সহজেই অনুমান কৰিব পাৰি দেশৰ বাকী প্ৰান্তত ‘হৰ ঘৰ তিৰংগা’ অভিযানৰ সফলতাৰ কথা। অৱশ্যে ১৫ আগষ্টত এইবাৰেই যে দেশত প্ৰথমবাৰৰ বাবে তিৰংগা উৰুওৱা হৈছে তেনে নহয়। কিন্তু এইবাৰৰ কথা আছিল সম্পূৰ্ণ সুকীয়া।