ডিজিটেল ডেস্কঃ পুনৰ নতুন ৰূপত আহিছে হোৱাটছ এপ৷ জনপ্ৰিয় মেছেজিং এপ হোৱাটছ এপে শেহতীয়াকৈ এপটোৰ কিছু সাল-সলনি কৰিছিল যদিও গ্ৰাহকৰ আপত্তিৰ বাবে পুনৰাই আগৰ সংস্কৰণকে বাহাল ৰাখিবলৈ বাধ্য হৈছিল। কিন্তু এইবাৰ সম্পুৰ্ণ আকৰ্ষণীয় ৰূপত সজাই তোলা হৈছে জনপ্ৰিয় মেচিজিং এপটো। 

গ্ৰাহকৰ সুবিধাৰ কেইবাটাও নতুন ফিচাৰ্চ সন্নিবিষ্ট কৰা হৈছে৷ অতি সোনকালে গ্ৰাহকে লাভ কৰিব সুবিধাসুমহঃ

  1. আপুনি হোৱাটছ এপৰ মেছেজ কেতিয়াবা ৰখাব খুজি বিফল হৈছে নেকি বাৰু৷ হোৱাটাছ এপ ৰ এই নতুন ফিচাৰ্চৰ জৰিয়তে ভয়ছ মেছেজৰ দৰে আন মেছেজসমুহো ৰখাব পৰা যাব৷ মেছেজ পঠিউৱাৰ ৫ মিনিটৰ ভিতৰত বিশেস পদ্ধতিৰে আপুনি ৰখাব পাৰিব মেছেজ
  2. হোৱাটছ এপত আখৰসমুহ ৱল্ড, ইটালিক আৰু মোনোস্পেছ কৰিবলৈ উপলব্ধ হ’ব শ্বৰ্টকাট৷  এই শ্বৰ্টকাটৰ জৰিয়তে অতি চেকেণ্ডতে আপোনাৰ প্ৰয়োজনীয় ফন্টটো ব্যৱহাৰ কৰিব পাৰিব আপুনি
  3. হোৱাটছ এপত নম্বৰ সলনি কৰাৰ মেছেজত নতুন নম্বৰ পঠিয়াই ভাগৰি গৈছে নেকি?এতিয়াৰ পৰা চিন্তা নকৰাকৈ  সলনি কৰক আপোনাৰ নম্বৰ৷ নম্বৰ সলনি কৰিলেই  হোৱাটছ এপৰ কন্টেক্ট তালিকাত থকা নম্বৰসমুহলৈ নম্বৰ সলনিৰ তথ্য প্ৰেৰণ কৰিব হোৱাটছ এপে৷

সদ্যহতে এই সুবিধাসমুহ বীটা ইউজৰ্ছ সকলে লাভ কৰিছে৷ কেইদিনমানৰ ভিতৰতে সকলো গ্ৰাহকৰ বাবে উপলব্ধ এই সুবিধাসমুহ