58
গোলাঘাটঃ হোৱাটছআপ-ফেচবুকুত সাহিত্য চৰ্চা অব্যাহত ৰাখিছে যুৱ প্ৰজন্মই৷ আগশাৰীৰ হোৱাটছআপ্ পৰিয়াল জোনাকী সমদল অসমে ১৬ জুলাইত গোলাঘাটৰ মাজ মজিয়াত বৰ্ণাধ্য কাৰ্যসূচীৰে বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন কৰিছে।
অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ দিহা কৰা লগতে চিত্ৰাংকন আৰু ঠাইতে লিখা কবিতা প্ৰতিযোগিতাৰো আয়োজন কৰিছে। উক্ত অনুষ্ঠানত গোলাঘাট জিলাৰ লগতে অসমৰ বিভিন্ন ঠাইৰ প্ৰতিযোগীৰ যোগদান বিচাৰিছে।