গুৱাহাটীঃ প্ৰবল ইচ্চাশক্তি প্ৰতিভা থাকিলে বিফল হোৱাৰ কোনো কথাই নাই। এই কথাষাৰক সত্য প্ৰমাণিত কৰিছে অসমৰ কেইবাগাৰকী বিবাহিত মহিলাই৷ মহিলাসকলে কেৱল গাভৰু অৱস্থাতে কঠোৰ পৰিশ্ৰম আৰু কষ্টৰে সফল হোৱাৰ চেষ্টা কৰে৷ গাভৰু অৱস্থাত তথা বিবাহৰ পূৰ্বে সফলতা লাভ কৰিলে তেওলোকৰ কষ্ট, শ্ৰম সাৰ্থক হয়৷
কিয়নো গাভৰু অৱস্থাতে বিবাহত আবদ্ধ হোৱাৰ পিছত তেওলোক ব্যস্ত হৈ পৰাত বহু মহিলাৰ সপোন আধৰুৱা হৈ থাকে৷ তেওলোকে বিভিন্ন দিশত সফল হোৱাৰ চেষ্টা কৰে যদিও বিবাহৰ পিছত থমকি ৰব লগা হয়৷ বিবাহৰ পিছত বেছি খিনি অসমীয়া মহিলাই নিজৰ নিজৰ ঘৰ খনকলৈ ব্যস্ত হৈ পৰে৷ স্বামী, শহুৰ-শাহু, সন্তানকলৈ ব্যস্ত হৈ পৰে৷