গুৱাহাটীঃ প্ৰবল ইচ্চাশক্তি প্ৰতিভা থাকিলে বিফল হোৱাৰ কোনো কথাই নাই। এই কথাষাৰক সত্য প্ৰমাণিত কৰিছে অসমৰ কেইবাগাৰকী বিবাহিত মহিলাই৷ মহিলাসকলে কেৱল গাভৰু অৱস্থাতে কঠোৰ পৰিশ্ৰম আৰু কষ্টৰে সফল হোৱাৰ চেষ্টা কৰে৷ গাভৰু অৱস্থাত তথা বিবাহৰ পূৰ্বে সফলতা লাভ কৰিলে তেওলোকৰ কষ্ট, শ্ৰম সাৰ্থক হয়৷

কিয়নো গাভৰু অৱস্থাতে বিবাহত আবদ্ধ হোৱাৰ পিছত তেওলোক ব্যস্ত হৈ পৰাত বহু মহিলাৰ সপোন আধৰুৱা হৈ থাকে৷ তেওলোকে বিভিন্ন দিশত সফল হোৱাৰ চেষ্টা কৰে যদিও বিবাহৰ পিছত থমকি ৰব লগা হয়৷ বিবাহৰ পিছত বেছি খিনি অসমীয়া মহিলাই নিজৰ নিজৰ ঘৰ খনকলৈ ব্যস্ত হৈ পৰে৷ স্বামী, শহুৰ-শাহু, সন্তানকলৈ ব্যস্ত হৈ পৰে৷

সন্তানৰ শিক্ষাৰ পৰা আৰম্ভ কৰি ৰান্ধনি ঘৰত ব্যস্ত হৈ থাকিব লগা হয়৷ গ্ৰাম্য অঞ্চলৰ লগতে চহৰৰ নগৰৰো মহিলাসকলেও বিবাহৰ পিছত তেওলোকৰ সপোনক বাস্তৱ ৰূপ দিবলৈ আহৰি নাপায়৷ কিন্তু এই ধাৰণা লাহে লাহে যেন সলনি হ’ল৷ অসমীয়া মহিলাই এতিয়া বিবাহৰ পিছতো তেওলোকৰ আধৰুৱা সপোন বাস্তৱ কৰিবলৈ উঠি পৰি লাগিছে৷

বহু মহিলাই সন্তান তথা পৰিয়ালটোৰ লগতে সমানে সমানে সকলো কাম নিয়াৰিকৈ কৰি গৈছে৷ ব্যৱসায়, শিক্ষা, ফেশ্বন আদিত বিবাহৰ পিছতো জিলিকি উঠিছে বহু বিবাহিত মহিলা৷ বিশেষকৈ ফেশ্যনৰ দিশত গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে৷ যোৱা দুটা বছৰত ৰাজ্য খনত কেইবাগৰাকী মহিলাই ফেশ্যনৰ দিশত সফলো হৈছে৷ ২০১৬ বৰ্ষত বাক্সা জিলাৰ শুৱাগপুৰৰ চিমা চুবেদীয়ে মিচ এছিয়া ইন্টাৰনেছনেল খিতাপ অৰ্জন কৰি ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনে৷

বিবাহৰ পিছতো চিমাই এই সপোন পূৰণ কৰে৷ আনহাতে বিবাহৰ পূৰ্বৰে ফেশ্যন আৰু নৃত্য কৰি ভালপোৱা মিতু ৰয়ে 'মিছেছ ইণ্ডিয়া হোমমেকাৰ্ছ ২০১৭" শীৰ্ষক খিতাপ দখল কৰিছিল চলিত বৰ্ষৰ জুলাই মাহত৷ বিবাহৰ পূৰ্বৰ সপোন পূৰণ কৰে নলবাৰীৰ মিতু ৰয় কলিতাই। নলবাৰীৰ জীয়ৰী মিতু এতিয়া ভৱানীপুৰৰ বোৱাৰী। মিতুৰ সফলতাত পৰিয়ালৰ প্ৰতিজন সদস্যই গৌৰৱ অনুভৱ কৰিছিল। সকলোৰে সহোগ কৰিছিল৷ খুবেই ৰাপ আছিল। পিছে সময়-সুবিধাৰ বাবে তেওঁ আগবাঢ়িব পৰা নাছিল।

কেইমাহমান আগতে বিবাহিত মহিলাসকলৰ বাবে অনুষ্ঠিত ফেশ্যন প্ৰতিযোগিতা 'মিছেছ ইণ্ডিয়া হোমমেকাৰ্ছ ২০১৭"ৰ বিষয়ে তেওঁ জানিব পাৰে। অকণো বিলম্ব নকৰি লগে লগে তেওঁ উক্ত প্ৰতিযোগিতাত যোগদান কৰে। কেৱল যোগদান কৰাই নহয়, প্ৰথমবাৰতে তেওঁ অৰ্জন কৰে সফলতা।